নগা বিদ্ৰোহী সংগঠন এনএছচিএন খাংপলা গোটৰ পৰা বাংগালুৰুৰ পৰ্যটকক উদ্ধাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ বাংগালুৰু এজন পৰ্যটকক যোৱা শনিবাৰে ম্যানমাৰ ছাগাইঙিৰ নগা বিদ্ৰোহী সংগঠনৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়। বাংগালুৰুৰ চেতন ৰহেজা নামৰ কবি তথা পৰ্যটক গৰাকী নাগালেণ্ডে ভ্ৰমণৰ উদ্দেশ্য যোৱা ২৩ আগষ্টত নাগালেণ্ডৰ মন জিলাত উপস্থিত হৈছিল।
মন জিলাৰ আৰক্ষী থানাত তেওঁৰ নাম পঞ্জীয়ন কৰাৰ পিছত অসচেতনাৰ বাবে ম্যানমাৰ ছাগাইঙিৰ এন এছ চি এন খাপলাং গোটৰ অধীনস্থ এলেকাত প্ৰবেশ কৰে । লগে লগে পৰ্যটক গৰাকীক বিদ্ৰোহীসকলে নিজৰ জিম্মাত লয়। পিছত ভাৰত-ম্যানমাৰ কন্যাক ইউনিয়নৰ অনুৰোধত যোৱা ২৯ আগষ্টত চেতন ৰহেজাক ম্যানমাৰ চেন-লোই-ই গাঁৱত অৰ্পন কৰে ।
উল্লেখযোগ্য যে, বাংগালুৰুৰ কবি তথা পৰ্যটক গৰাকী এনেদৰে এন এছ চি এন খাপলাং গোটে মানৱীয়তা খাতিৰত মুকলি কৰি দিয়াত কন্যাক ইউনিয়নে ধন্যবাদ জ্ঞাপন কৰিছে ।
The post নগা বিদ্ৰোহী সংগঠন এনএছচিএন খাংপলা গোটৰ পৰা বাংগালুৰুৰ পৰ্যটকক উদ্ধাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UixGKU
via IFTTT
Comments
Post a Comment