শিঙিমাৰীত বজ্ৰপাত পৰি ২ জন নিহত, এজন আহত…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত সোমবাৰে দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয় ।ৰূপহীহাটৰ শিঙিমাৰীত নিজৰ ঘৰৰ পদুলিত ৰৈ থকাৰ অৱস্থাতে বজ্ৰপাত পৰি পশ্চিম শিঙিমাৰীৰ ৰাবিয়া খাতুন আৰু আইজুল হক থিতাতে নিহত হয় ।

আনহাতে উক্ত ঘটনাৰ ফলতেই পশ্চিম শিঙিমাৰীৰে আজিতুল্লাহ নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় । পাছত গুৰুতৰভাৱে আহত আজিতুল্লাহক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

The post শিঙিমাৰীত বজ্ৰপাত পৰি ২ জন নিহত, এজন আহত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lLYKoH
via IFTTT

Comments