চিকিৎসক দেবেন দত্তৰ হত্যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াঃ মঙলবাৰে টীয়কলৈ আহিব ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি

- টীয়কৰ ঘটনা সন্দৰ্ভত খবৰ ল’বলৈ অসমলৈ আহিব ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ এটা সঁজাতি দল।
- টীয়ক চাহ বাগিচাত ৩১ আগষ্টত চিকিৎসক ডা০ দেবেন দত্তৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত বুজ ল’ব পৰিস্থিতিৰ।
- ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডা০ শান্তনু সেনৰ নেতৃত্বত আহিব এই দলটো।
- টীয়কৰ চিকিৎসক হত্যাকাণ্ডৰ ঘটনাক লৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তীব্ৰ প্ৰতিক্ৰিয়া।
- ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাৰ সম্পাদক ডা০ হেমাংগ বৈশ্যই জানিবলৈ দিলে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক।
- ডা০ বৈশ্যই জানিবলৈ দিয়া মতে ইতিমধ্যে টেলিফোন যোগে এই সন্দৰ্ভত জনাইছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
- ৩ ছেপ্টেম্বৰত এই দলটো দিল্লীৰ পৰা অহাৰ কথা।
- ইতিমধ্যে ডা০ দেবেন দত্তৰ হত্যাৰ বিৰুদ্ধে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাই ঘোষণা কৰিছে প্ৰতিবাদী কাৰ্যসূচী।
- মঙলবাৰে পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ অসম শাখাই।
- এনে অবাঞ্চিত ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ মকৰিছে চিকিৎসক সকলৰ পৰিয়ালেও।
- ৰাজ্যৰ চিকিৎসকৰ নিৰাপত্তাক লৈ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চিকিৎসক সকলৰ পৰিয়ালবৰ্গই।
- ৩ ছেপ্টেম্বৰত চিকিৎসা সেৱাৰ পৰা আতৰি থাকিব ৰাজ্যৰ চিকিৎসকসকল।
- অৱশ্যে জৰুৰীকালীন সেৱাসমূহ সেই ধৰ্মঘট কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে।
The post চিকিৎসক দেবেন দত্তৰ হত্যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াঃ মঙলবাৰে টীয়কলৈ আহিব ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kkBzS8
via IFTTT
Comments
Post a Comment