স্বাস্থ্য সংকটজনক লালু প্ৰসাদ যাদৱৰ…

ডিজিটেল ডেস্কঃ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে লালু প্ৰসাদ যাদৱ। আৰজেডিৰ প্ৰধান গৰাকীৰ দুয়োটা বৃক্কৰ অধিকাংশই নষ্ট হৈ গৈছে। ইয়াৰোপৰিও উচ্চ ৰক্তচাপ, মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে লালু প্ৰসাদ যাদৱ। ৭১ বছৰীয়া লালু প্ৰসাদ যাদৱৰ বৰ্তমান চিকিৎসা চলি আছে ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চত।

লালু প্ৰসাদক চিকিৎসা কৰি থকা এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ মতে ঔষধেও কাম কৰা নাই লালুৰ দেহত। বৰ্তমান মাত্ৰ তেওঁৰ দুয়োটা কিডনীৰ ৩৭ শতাংশহে ভাল হৈ আছে। চিকিৎসকে আশা কৰিছে লালু প্ৰসাদৰ দেহত ঔষধে কাম কৰিলে সুস্থ হ’ব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

লালু প্ৰসাদৰ স্বাস্থ্যৰ অৱনতি সন্দৰ্ভত ইতিমধ্যে চিকিৎসকে জানিবলৈ দি কয় যে তেওঁৰ দেশৰ শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণ কৰিব হোৱা নাই। অত্যাধিক চাপ আৰু মানসিক পীড়াৰ বাবে তেওঁৰ দেহত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱা বুলি চিকিৎসকে সদৰী কৰিছে।

উল্লেখ্য যে, পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত হৈ ২০১৭ চনৰ পৰাই কাৰাগাৰত আছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এসময়ৰ প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

The post স্বাস্থ্য সংকটজনক লালু প্ৰসাদ যাদৱৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kbUHSr
via IFTTT

Comments