যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল সা-সম্পত্তি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ যোৰাবাটত দেওবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, যোৰাবাটৰ নমাইলত জৈন ট্ৰেডিং তৃভেনি ষ্টোৰ নামৰ এখন গেলামালৰ দোকানৰ গুদামত দিনত জুই লাগি এই জুইৰ লেলিহান শিখাই মূহুৰ্ততে গুদাম ঘৰটো ভস্মীভূত হৈ পৰে। ইপিনে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত প্ৰত্যক্ষ দৰ্শীয়ে দোকানৰ গৰাকীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে।

তাৰ পিছতে ঘটনাস্থলীত অসমৰ পৰা ১৮ খন আৰু মেঘালয়ৰ পৰা ২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অৱশেষত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আনহাতে তিনি ঘণ্টা ধৰি জুই নুমুৱাবলৈ চেষ্টা চলোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত দোকানৰ গুদামত থকা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি আৰক্ষীয়ে জনায়। যদিও সম্প্ৰতি অগ্নিকাণ্ডৰ সূত্ৰপাত জানিব পৰা হোৱা নাই।

The post যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল সা-সম্পত্তি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34hHZU8
via IFTTT

Comments