আজি চন্দ্ৰযান-২ৰ পৰা পৃথক হ’ব লেণ্ডাৰ ‘বিক্ৰম’, ইতিহাস ৰচাৰ দিশে ভাৰত…

ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে বৰ্তমানৰ লৈকে অব্যাহত আছে চন্দ্ৰযান-২ৰ সফল যাত্ৰা। চন্দ্ৰৰ কক্ষপথত সফলভাৱে প্ৰৱেশ কৰাৰ পিছত সোমবাৰে চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ক অৰ্বিটাৰৰ পৰা পৃথক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰৰ অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। ইছৰো ৱেবচাইটৰ অনুসৰি সোমবাৰে দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৪৫ বজাৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।

ইফালে লেণ্ডাৰ ‘বিক্ৰম’ ৭ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এই প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতৰ পূৰ্বে ৰাছিয়া, আমেৰিকা আৰু চীনে চন্দ্ৰলৈ গৈছে যদিও দক্ষিণ মেৰুত প্ৰৱেশ কৰিব পৰা নাছিল।

The post আজি চন্দ্ৰযান-২ৰ পৰা পৃথক হ’ব লেণ্ডাৰ ‘বিক্ৰম’, ইতিহাস ৰচাৰ দিশে ভাৰত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lovWTe
via IFTTT

Comments