পুৰণিগুদামৰ কাষৰিগাঁৱত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক, নিজে মেৰামতি কৰিলে দলং…

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁও চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কাষৰিগাঁৱত কলঙৰ ওপৰত থকা চামগুৰি, ৰূপহীহাট আৰু বঢ়মপুৰ সমষ্টিৰ সংযোগ স্থলৰ এখন জৰাজীৰ্ণ দলঙৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া স্থানীয় ৰাইজে ।দলঙখনৰ ওপৰেদি নিতৌ পাৰ হোৱা বৃহত্তৰ অঞ্চল কেইটাৰ সহস্ৰাধিক ৰাইজৰ লগতে স্কুল-কলেজৰ কণমানি ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি বহু সংখ্যক যুৱক-যুৱতীয়ে নিজৰ জীৱনটোক হাতৰ মুঠিত লৈ এতিয়া বিপদসঙ্কুলভাৱে পাৰ হব লগা হৈছে এই দলঙখনৰ ওপৰেদি ।
বিগত প্ৰায় দহ বছৰ ধৰি অতি গুৰুত্বপূৰ্ণ কাঠৰ দলঙখনৰ দুৰৱস্থাৰ বিষয়ে তিনি সমষ্টিৰে স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰি কোনো সুফল নোপোৱাত এতিয়া সেইসকল জনপ্ৰতিনিধিৰ বিৰুদ্ধে চৰম ক্ষোভ উজাৰিছে দলঙখনৰ দুয়োপাৰে স্থানীয় ৰাইজে।উল্লেখ্য যে বৰ্তমান ৰেলিং বিহীন দলংখনৰ পুৰণি কাঠ পচি বৃহৎ-বৃহৎ ফাঁকৰ সৃষ্টি হোৱাত অতি বিপদসঙ্কুল হৈ পৰিছে দলঙখন।
ইতিমধ্য দলং খনৰে পাৰ হ’ব খোজোতেই কেইবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ বহু সময়ত বহু কেইজন লোক আঘাতপ্ৰাপ্ত হৈছে । সেই বাবেই উপায় বিহীন হৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধিৰ প্ৰতি থকা চুড়ান্ত ক্ষোভ-অসন্তুষ্টিৰ পিছতো নিজেই মেৰামতি কৰিছে জৰাজীৰ্ণ কাঠৰ দলং খন। স্থানীয় একাংশ যুৱকে নিজা তৎপৰতাত তথা ৰাইজৰ সহযোগিতাত প্ৰখৰ ৰ’দকো নেওচি নগাঁৱৰ কাষৰিগাঁৱত এতিয়া বাঁহেৰে অস্থায়ীভাবে দলঙখন পুনৰ মেৰামতিৰ ব্যৱস্থা কৰা দেখা গৈছে ।
কিন্তু প্ৰশ্ন হয়,এই সকলোবোৰ দেখি-শুনি কিবা গাত কথা লাগিবনে বিধায়ক ক্ৰমে ৰকিবুল হুইছেন-নুৰুল হুদা আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে কেৱল মাত্ৰ ৰাজনীতিৰ কথাহে বুজি পোৱা বিয়াগোম জননেতা কেইগৰাকীৰ । সেইয়া যেন ভুক্তভোগী ৰাইজৰ বাবে হৈ ৰ’ব অবুজ সাঁথৰ ।
The post পুৰণিগুদামৰ কাষৰিগাঁৱত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক, নিজে মেৰামতি কৰিলে দলং… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2klUGLF
via IFTTT
Comments
Post a Comment