চৰকাৰৰ সু-দৃষ্টিৰ পৰা বঞ্চিত ডিমাকুছিৰ বিশেষভাৱে সক্ষম দিলীপ চাঁপাগাই, ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম…

ডিজিটেল সংবাদ, টংলাঃ জীৱনত সফলতা লাভৰ বাবে প্ৰৱল ইচ্ছা শক্তি আৰু অধ্যৱসায়ৰ বলত যিকোনো ব্যক্তিয়ে জীৱনত ঈস্পিত লক্ষ্যত উপনিত হ’ব পাৰে ৷ ইয়াৰ এক জীৱন্ত আৰু প্ৰেৰণাদায়ক উদাহৰণ ৰূপে পৰিগণিত হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিৰ দিলীপ চাঁপাগাই নামৰ যুৱকজন ৷ দুয়োখন ভৰি বিসংগতিৰে জন্ম গ্ৰহণ কৰা ডিমাকুছিৰ সাধুবস্তিৰ দিলীপ চাঁপাগাই নামৰ যুৱকজন বিশেষভাৱে সক্ষম হোৱাৰ বাবে খোজ কাঢ়িব নোৱাৰাত পৰিয়ালটো দুঃচিন্তাত ভূগিছিল ৷
সমাজ কল্যাণ বিভাগে আগবঢ়োৱা এখন বিশেষ চাইকেলেৰে বিদ্যালয়লৈ অহা-যোৱা কৰি অৱশেষত স্থানীয় ডিমাকুছি শেখৰ শংকৰদেৱ মিচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণী লৈকে অধ্যয়ন কৰে ৷ যদিও আৰ্থিক দৈন্যতা বিশেষভাৱে সক্ষম লোকৰ বাবে শিক্ষাগ্ৰহণৰ বিশেষ ব্যৱস্থা নথকাত শিক্ষা আধৰুৱা হোৱা যুৱকজনক কেন্দ্ৰ কৰি পৰিয়ালটো নিৰুপায় হৈ পৰে ৷
চৰকাৰী সাহায্যৰৰ বাবে আবেদন-নিবেদন কৰিও কোনো বিশেষ গুৰুত্ব লাভ নকৰাত প্ৰৱল আত্মবিশ্বাসী দিলীপে অৱশেষত নিজে কিবা এটা কৰি হ’লেও স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালটোক আৰ্থিক সকাহ দিয়াৰ লক্ষ্য স্থিৰ কৰি স্থানীয় বেংকৰ পৰা আৰু ব্যক্তিগতভাৱে ঋণ লৈ এখন ই-ৰিক্সা ক্ৰয় কৰে ৷
সম্প্ৰতি দিলীপে প্ৰতিদিনেই আন দহজনৰ দৰে পুৱাই নিজৰ ই-ৰিক্সাৰে ডিমাকুছি, বৰঙাজুলি, শুক্লাই অঞ্চলত যাত্ৰী কঢ়িয়াই লাভ কৰা ভাড়াৰে ঋণ পৰিশোধৰ লগতে স্বাচ্ছন্দ্যৰে নহ’লেও পৰিয়ালটোক জোৰা-টাপলি মাৰি দুবেলা দুসাজ খোৱাত সহযোগ কৰিব সক্ষম হৈছে ৷ নিজৰ কষ্টকৰ জীৱনচৰ্যাক লৈ দিলীপৰ কাৰো প্ৰতি আক্ষেপ নাই যদিও চৰকাৰৰ বিশেষ সহায় পালে তেওঁৰ দৰে আন দহজনকো জীৱন যুদ্ধত হাৰ নামানি সৎ পথেৰে ধন ঘটাৰ বাটকটীয়া হোৱাৰ হোঁপাহ মনত পুহি ৰাখিছে ৷
দিলীপে বিশেষভাৱে সক্ষম হোৱা বাবে কোনেও পুতৌ কৰাতো নিবিচাৰে, আন দহজনৰ দৰে সমাজত ভাল কাম কৰি নিৰাশাত ভোগা মানুহৰ প্ৰেৰণা হোৱাৰ কামনা কৰে দিলীপে ৷ দিলীপৰ এই জীৱন সংগ্ৰামে সম্প্ৰতি বৃহত্তৰ ডিমাকুুুুছি অঞ্চলবাসী সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰি আন বহুতকে পৰোক্ষভাৱে হ’লেও অনুপ্ৰেৰণা যোগাই আহিছে ৷
জীৱন যুদ্ধত অপৰাজিত সৈনিক দিলীপৰ দৰে ব্যক্তিলৈ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সুদৃষ্টি পৰিবনে ? চৰকাৰী আঁচনিয়ে দিলীপৰ দৰে প্ৰৱল আত্মবিশ্বাসী ব্যক্তিৰ আধৰুৱা সপোন পূৰণৰ বাবে আগবাঢ়ি আহিবনে ?
The post চৰকাৰৰ সু-দৃষ্টিৰ পৰা বঞ্চিত ডিমাকুছিৰ বিশেষভাৱে সক্ষম দিলীপ চাঁপাগাই, ই-ৰিক্সা চলাই জীৱন সংগ্ৰাম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2kbRgex
via IFTTT
Comments
Post a Comment