অৰুণাচলৰ দুইমুখ বজাৰলৈ গৈ সাতদিনে নিৰুদ্দেশ মেৰবিলৰ যুৱক…

ডিজিটেল সংবাদ,লালুকঃ অসমৰ পৰা বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা তথা হত্যাৰ বলী হোৱা ঘটনা উদ্বেগ জনক ভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সঘনাই ঘটি থকা এনে ঘটনাই বহিঃ ৰাজ্যত অসমৰ যুৱক-যুৱতীসকলক নিৰাপদ নহয় সেয়া প্ৰতিপন্ন হৈছে৷ অৰুণাছলৰ কলৰিংত ব্যৱসায়ী সূত্ৰে থকা লালুক থানাৰ অন্তৰ্গত ৩ নং ইছলামপুৰৰ আনাৰুল ইছলামৰ মৃতদেহ আজি পৰ্যন্ত পৰিয়ালক চমজাই দিব নোৱাৰা কাৰ্যই অৰুণাচল আৰক্ষীৰ ফোপোলা স্বৰূপ ওলাই পৰিছে৷
তাৰ মাছতে পুনৰ হাৰমতী আৰক্ষী চকীৰ মেৰবিল ৩ নং কাঠনি গাঁওৰ এজন সোতৰ বছৰীয়া যুৱক যোৱা ২৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই বহিঃ ৰাজ্যত যে অসমৰ যুৱক সুৰক্ষিত নহয় সেই কথা পুনৰ প্ৰতিপন্ন কৰিলে৷ জানিব পৰা মতে অৰুণাচলৰ দুইমুখ বজাৰত তামোল পানৰ ব্যৱসায় কৰি অহা হাৰমতী মেৰবিল ৩ নং কাঠনিৰ শংকৰ দাসৰ পুত্ৰ সতেন্দ্ৰ দাসে অন্য দিনাৰ দৰে যোৱা ২৭ আগষ্টত দুইমুখ বুলি বজাৰৈ ওলায় যায়৷
কিন্ত ৰহস্যজনক ভাৱে উক্ত দিনাৰ পৰাই আজি পৰ্যন্ত যুৱকজন ঘৰলৈ উভটি অহা নাই৷ এখন নতুন পঞ্জীয়ন বিহীন স্কুটিৰে সৈতে বজাৰলৈ যোৱা যুৱকজনৰ আকস্মিক নিৰুদ্দেশ সম্পৰ্কত পৰিয়ালে ইতিমধ্যে অৰুণাচল আৰক্ষী আৰু অসম আৰক্ষীক পৃথকে এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ বিভিন্ন সময়ত অৰুণাচলৰ বিভিন্ন স্থানত কৰ্ম সূত্ৰে গৈ নিৰুদ্দেশ হোৱা অথবা হত্যাৰ বলী হোৱা ঘটনাৰ বাবে শংকিত হৈ পৰিছে যুৱকজনৰ পৰিয়াল৷
The post অৰুণাচলৰ দুইমুখ বজাৰলৈ গৈ সাতদিনে নিৰুদ্দেশ মেৰবিলৰ যুৱক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lr1bx0
via IFTTT
Comments
Post a Comment