সফলতাৰ যাত্ৰা অব্যাহত, চন্দ্ৰযান-২ৰ বিচ্ছিন্ন ‘বিক্ৰম’…

ডিজিটেল ডেস্কঃ অব্যাহত আছে চন্দ্ৰযান-২ৰ সফল যাত্ৰা। পৃথিৱীৰ পৰা চন্দ্ৰযানে কঢ়িয়াই নিয়া লেণ্ডাৰ ‘বিক্ৰম’ অৰ্বিটাৰৰ পৰা সফলভাৱে বিচ্ছিন্ন হল। পূৰ্ব নিৰ্ধাৰিত সময়নুসৰি সোমবাৰে দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৪৫ বজাৰ ভিতৰত প্ৰায় ১.১৫ বজাত সুকলমে সম্পন্ন হল এই জটিল প্ৰক্ৰিয়া। মিছন চন্দ্ৰযান-২ৰ ইয়ো আছিল এক অতিকৈ জটিল প্ৰক্ৰিয়া।
লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰৰ অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ।পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে।এই প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতৰ পূৰ্বে ৰাছিয়া, আমেৰিকা আৰু চীনে চন্দ্ৰলৈ গৈছে যদিও দক্ষিণ মেৰুত প্ৰৱেশ কৰিব পৰা নাছিল।
উল্লেখ্য যে, লেণ্ডাৰ বিক্ৰমত সংযুক্ত আছে বহু অত্যাধুনিক যন্ত্ৰ-পাতি, যিয়ে চন্দ্ৰপৃষ্ঠৰ মাটি, পানীৰ লগতে কেইবাটাও জটিল পৰীক্ষা সমাপন কৰিব। বিক্ৰমৰ লগতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব প্ৰজ্ঞান নামৰ এখন ৰবটিক যান।
The post সফলতাৰ যাত্ৰা অব্যাহত, চন্দ্ৰযান-২ৰ বিচ্ছিন্ন ‘বিক্ৰম’… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2lUQGCj
via IFTTT
Comments
Post a Comment