বিবাহ অনুষ্ঠানত অঘটনঃ শিশু-মহিলাসহ ১৩ গৰাকীয়ে কৰুণ মৃত্যুক সাৱটিলে কেনেকৈ….

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক শোকাবহ ঘটনা। বুধবাৰৰ নিশা ৮-৩০ বজাত এখন পকী শ্লেব খহি পৰাৰ ফলত ১৩ গৰাকীকৈ মহিলা আৰু শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়। উত্তৰ প্ৰদেশৰ কুশী নগৰৰ নেগুৱা নোৰাংগিয়া নামৰ স্থানত সংঘটিত হৈছে এই ঘটনা।

সেই সময়ত চলি থকা এক বিবাহ অনুষ্ঠানত অংশলৈ আনন্দত মছগুল হৈ থকাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হয়। এটা নাদৰ ওপৰত থকা শ্লেবত বহি থকাৰ সময়তে শ্লেবখন ভাঙি পৰাত এই শোকাবহ ঘটনা সংঘটিত হয়।

স্থানীয় প্ৰশাসনৰ সূত্ৰই সদৰি কৰা মতে নাদটো ধাকি থোৱা শ্লেবখনৰ ওজন বেছি হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শোক ব্যক্ত কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/A6QBSGW
via IFTTT

Comments