শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন…

ডিজিটেল সংবাদ,বেবেজীয়াঃ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিল নগাঁও জিলাৰ কলংপাৰস্থিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয় প্ৰাংগণ ৷ উত্তৰ-পূৱ ভাৰতৰ সৰ্ব্ববৃহৎ ধৰ্মীয়-সামাজিক- সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ আজি অনুষ্ঠিত ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন খনি উপলক্ষে নগাঁও জিলা শাখাৰ কাৰ্যালয় প্ৰাংগনত এই পৰিৱেশৰ সৃষ্টি কৰে ভকত-বৈষ্ণৱ সকলে ৷
সেই উপলক্ষে আজি পুৱা ৬ বজাত প্ৰাতঃপ্ৰসংগ,পুৱা ৭:৩০ বজাত পৰিবেশ নিকাকৰনৰ পাছত পুৱা৮:৩০ বজাত ধৰ্ম্মধ্বজা উত্তোলন কৰে জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই ৷ দিনৰ ১১ বজাৰ পৰা জ্যোতিপ্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হয় প্ৰতিনিধি সভাখনি উদ্বোধন কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ শৰণ সদস্য উমাকান্ত হাজৰিকাই ৷
প্ৰতিনিধি সভাত উপস্থিত থাকি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰাই গুৰুজনাৰ বিশ্বজনীন সত্ত্বাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ এই প্ৰতিনিধি সভাতে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক তোষেশ্বৰ বৰাই সাধাৰণ সম্পাদকৰ প্ৰতিবেদন আগবঢ়াই কেইবাটাও প্ৰস্তাৱ পাঠ কৰে ৷ সম্পাদকীয় প্ৰতিবেদন পাঠতে ২০২১ বৰ্ষৰ নগাঁও জিলা শাখাৰ আয়-ব্যয়ৰ হিচাপ সমূহ উপস্থিত ১৯ টা শাখাৰ প্ৰতিনিধি বৰ্গক সভাক অৱগত কৰোৱা হয় ৷
লগতে উপস্থিত ১৯ শাখাৰ প্ৰতিনিধি বৰ্গৰ বহুকেইটা দিহা পৰামৰ্শৰ ওপৰতো আলোচনা কৰা হয় ৷ সভাত মূলৰ সদস্য (হোজাই জিলা শাখা) বকুল বৰা পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে ৷ সভাৰ আঁতধৰে জিলা সম্পাদক তোষেশ্বৰ বৰাই ৷ দুপৰীয়া প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণৰ অন্তত বিয়লি ৫ বজাত পতাকা অৱনমনৰ পাছত সন্ধিয়া নামঘৰীয়া ভূপেন চন্দ্ৰ নাথৰ হাতেৰে বন্তি প্ৰজ্বলনৰে জিলা শাখা বাৰ্ষিক অনুষ্ঠানৰ সামৰনি পৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/sQqHMUK
via IFTTT
Comments
Post a Comment