মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে ঘোষণা কৰাত ” মিচিং আগম কেবাঙৰ নেতৃত্ববৃন্দক আদৰণি…

ডিজিটেল সংবাদ ,ধেমাজিঃ মিচিং ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰে ঘোষণা কৰাত মিচিং আগম কেবাঙৰ ( মিচিং সাহিত্য সভা ) ৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দক শুকুবাৰে কাড়িচুকৰস্হিত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত উষ্ম আদৰণি জনোৱা হয় ৷ ধেমাজি শাখা মিচিং সাহিত্য সভা সমূহে কেন্দ্ৰীয় নেতৃত্ববৃন্দক সাংস্কৃতিক শোভাযাত্ৰাৰে নগৰখনত আদৰণি আনি সম্বৰ্ধনা জনায় ৷
মিচিং সংস্কৃতিৰ নিৰৱ সাধক একলব্য গ্ৰামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি গোবিন্দ টাইদ,উপ সভাপতি গোবিন নৰহ,ৰবীন পাতিৰি, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে,সহ সম্পাদক ধন প্ৰভা মিলি,ডাঃ ঘনকান্ত দলে,হৰিকান্ত পেগু, সাহিত্যিক পেঞ্চনাৰ কালিনাথ পাংগিং, প্ৰাক্তন উপ সভাপতি হৰিনাৰায়ন পেগু, কাৰ্যনিৰ্বাহক সদস্য য়কচা কুলি,ড° সুৰজিৎ দলে,তুলাদৈ পায়েং, নীলিমা টায়ে,ৰুপা পাইত,মুক্তিনাথ পেগু, চেনীৰাম পাংগিং, ধনীৰাম মিলি,নিৰ্মল নৰহৰ লগতে সভাখনি সভাপতিত্ব কৰা একলব্য গ্ৰামকো আদৰণি ও সম্বৰ্ধনা জনোৱা হয়।
ৰৃক্কং মাছখোৱা,চিচিমুখ,আ:নে ৰু:য়ি, কাঁইটং, বেঙেনা গড়া, দক্ষিণ ধেমাজি, ধেমাজি, উত্তৰ ধেমাজি,জীয়াঢল,মৰিঢল,মধ্য চিচিটঙানি, নামনি চিচিটঙানি,বৰলুং,বটুৱা থানমুখ, লাই মেকুৰী আৰু মুৰ্কংচেলেক শাখা সাহিত্য সভা সমুহৰ আহ্বানত অনুষ্ঠিত হোৱা আদৰণি সভাই ১৯৭২ চনৰ ১৮ এপ্ৰিলত দিচাংমুখত জন্ম হোৱা মিচিং আগম কেবাঙে জন্ম লগ্নৰেপৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম কৰিবৰ বাবে নিৰৱিচ্ছিন্ন ভাৱে সংগ্ৰাম কৰি অহাৰ কথাও সভাত বক্তা সকলে ৰোমন্থন কৰে৷ সভাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। সভাই আশা কৰামতে এই গুৰুত্বপূৰ্ণ বিষয়টো চৰকাৰে কেৱল ঘোষণাতে দায়িত্ব সামৰি নলৈ অতি শীঘ্ৰে কাৰ্যকৰী কৰিব বুলিও আশা প্ৰকাশ কৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OLYbafz
via IFTTT
Comments
Post a Comment