ডেৰ মাহে অন্ধকাৰত দিন অতিবাহিত কৰিছে কলিয়াবৰৰ নিজৰিৰ তিনিশ পৰিয়ালে…

ডিজিটেল সংবাদ,কলিয়াবৰঃ বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে বিগত ডেৰ মাহ ধৰি অন্ধকাৰত দিন কটাব লগা হৈছে কলিয়াবৰৰ নিজৰিৰ প্ৰায় তিনিশ পৰিয়ালে ৷

অঞ্চলটোলৈ বিদ্যুৎ যোগান ধৰা ট্ৰেন্সফৰ্মাৰটো বিকল হোৱাৰ পিছত ডেৰ মাহেও এটা নতুন ট্ৰেন্সফৰ্মাৰ যোগান নধৰাৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই নতুন ট্ৰেন্সফৰ্মাৰ প্ৰদানৰ পৰা বিৰত আছে কলিয়াবৰৰ বিদ্যুত উপসংমণ্ডল।

ফলত সাধাৰণ ৰাইজৰ লগতে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল। ইফালে, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই অনুমোদন জনোৱাৰ পিছতো আজিলৈকে অঞ্চলটোলৈ পুনৰ বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰাত ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TLK9MVa
via IFTTT

Comments