আৰক্ষীৰ নিষ্কৃয়তাৰ বাবেই ড্ৰাগছ আসক্তৰ লক্ষ্য হ’ল কিশোৰ কলিতা !

ডিজিটেল ডেস্কঃ ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰতেই আন এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল মহানগৰৰ নুনমাটিত। মঙ্গলবাৰে নিশা প্ৰায় ৮-৩০ বজাত এজন ব্যক্তিৰ ডিঙি কাটি ফোন আৰু টকা লৈ উধাও হ’ল এটা ডকাইতৰ দল। ভাৰতীয় ৰেল বিভাগত কৰ্মৰত কিশোৰ কলিতা নামৰ ব্যক্তিজনৰ লগত সংঘটিত হৈছে এই ঘটনা। সৌভাগ্যক্ৰমে অৱশ্যে ডকাইটকৰ দলটোৰ এই আক্ৰমণৰ পিছতো ৰক্ষা পৰে কিশোৰ কলিতা।
ডকাইতে সংঘটিত কৰা এই আক্ৰমণৰ পিছতে তেওঁক গেট হাস্পাতালত সংকট জনক অৱস্থাত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছতে প্ৰাথমিক অনুসন্ধানত প্ৰকাশিত তথ্য মতে ড্ৰাগছ আসক্তই ছুৰীকাঘাট কৰিলে কিশোৰ কলিতাক। এই ড্ৰাগছ আসক্তই তেওঁক ছুৰীকাঘাট কৰি নগদ ১০ হাজাৰ টকাৰ উপৰিও এডাল চেইন আৰু তেওঁৰ মোবাইল ফোনটো লৈ উধাও হয়।
অভিযোগ অনুসৰি নিশা কিশোৰ কলিতা নামৰ ব্যক্তিগৰাকীক যি স্থানত ড্ৰাগছ আসক্তই ছুৰীকাঘাট কৰি ডকাইত কৰিলে সেই স্থান ড্ৰাগছ আসক্তৰ ঘাটি। আৰক্ষীৰ নিষ্কৃয়তাৰ বাবেই এইধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে। সেই স্থানত পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সেয়েহে স্থানীয় লোক ক্ষোভিত হৈ পৰিছে। স্থানীয় লোকে পূৰ্বৰে পৰা এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দি আহিছে যদিও আৰক্ষীয়ে ৰাইজৰ অভিযোগক আওকান কৰি আহিছে। যাৰ পৰিনতিত মঙ্গলবাৰে নিশা কিশোৰ কলিতা নামৰ লোকজনৰ লগত এই ঘটনা সংঘটিত হ’ল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9U3GMBk
via IFTTT
Comments
Post a Comment