দেশত ক্ৰমান্বয়ে কমিছে কোৰোনাৰ প্ৰভাৱ

দেশত ক্ৰমান্বয়ে কম হৈছে কোৰোনাৰ ত্ৰাস। বিগত ২৪ ঘন্টাত ৫৮,০৭৭ জনকৈ নতুন লোক আক্ৰান্ত হয় কোৰোনাত। ইয়াৰ পিছতেই বৰ্তমানলৈ দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ৪,২৫,৩৬,১৩৭ জন।
উল্লেখ্য যে, বিগত ৫ দিনৰ পৰা ১লাখতকৈ ক’ম লোক আক্ৰান্ত হৈছে কোৰোনাত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘন্টাত ৬৫৭ জনৰ মৃত্যু হয় আৰু ইয়াৰ পিছতেই দেশত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হয়গৈ ৫.০৭,১৭৭ জন। বৰ্তমান দেশত ৬,৯৭,৮০২ জন কোৰোনা আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে।
সমান্তৰালভাৱে অসমতো ক্ৰমান্বয়ে হ্ৰাস পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই অসম চৰকাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলো ধৰণৰ নিষেধাজ্ঞা উঠাই দিয়াৰ নিৰ্দেশ জাৰি কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xEcAslH
via IFTTT
Comments
Post a Comment