কেইবাটাও গুৰুত্বপূৰ্ণ সূচীৰে ৩ দিনীয়া অসম ভ্ৰমণলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

ডিজিটেল ডেস্কঃ ৩ দিনীয়াকৈ অসম ভ্ৰমণলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দ। এই সময়ছোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ কাৰ্যসূচী উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশগ্ৰহণ কৰাৰ লগতে কাজিৰঙা ভ্ৰমণ কৰিব। ৰাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতিগৰাকীয়ে জীপ আৰু হাতী ছাফাৰী কৰিব। ইয়াৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে গোলাঘাট আৰু নগাওঁ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সক্ৰিয় হৈ পৰাৰ লগতে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসম ভ্ৰমণৰ এই সময়ছোৱাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ বিষয়ে মন্তব্য কৰি কয় যে, আমি অসম ভ্ৰমণৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনাইছিলো আৰু তেওঁ আমাৰ অনুৰোধত সন্মতি জনাইছে।
ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ বিৱৰণ দি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে যোৰহাটত আহোম সেনাপতিৰ লাচিত বৰফুকনৰ স্মাৰকৰ পুনৰ নিৰ্মাণৰ ভেটি স্থাপন কৰি বৰফুকনৰ জন্ম জয়ন্তী উদযাপন আৰম্ভ কৰিব। ৰাষ্ট্ৰপতিয়ে কামৰূপৰ ডোৰাত আলাবৈ যুদ্ধৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব।
২৬ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কাজিৰঙালৈ যাত্ৰা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। সেই উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলাখনৰ উপায়ুক্তকে ধৰি শীৰ্ষ বিষয়াসকল তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হয়।
আনহাতে ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত সাধাৰণ নাগৰিকৰ বাবে বন্ধ কৰা হৈছে কাজিৰঙা। ২৬ ফেব্ৰুৱাৰীৰ বিয়লি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰীত অংশগ্ৰহণ কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীত পুৱা কঁহৰা বনাঞ্চলত হাতী ছাফাৰী কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/a6IVSZ7
via IFTTT
Comments
Post a Comment