পুৱাই ইউক্ৰেইত উপস্থিত ভাৰতীয় বিমানঃ তাৰ পিছতেই জাৰি হ’ল অসামৰিক বিমান চলাচলত নিষেধাজ্ঞা..

ডিজিটেল ডেস্কঃ যুদ্ধ উত্তেজনা তীব্ৰ হোৱাৰ পিছতেই ইউক্ৰেইনে দেশখনৰ ভিতৰত অসামৰিক বিমান চলাচল নিষিদ্ধ ঘোষণা কৰিছে। ফল স্বৰূপে দেশখনত আবদ্ধ হৈ থকা বিভিন্ন দেশৰ নাগৰিকসকলৰ মাজত ব্যাপক সংশয়ৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ মাজতে ভাল খবৰ এইয়াই যে, দেশখনত আবদ্ধ হৈ থকা বহু ভাৰতীয় শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰত।

ভাৰতে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকক কঢ়িয়াই আনিবলৈ প্ৰেৰণ কৰা এ আই ১৯৪৭ বিমানখনে দেশৰ বহু নাগৰিকক লৈ উৰা মৰাৰ ঠিক কিছু সময়ৰ পিছতেই ইউক্ৰেইনত সকলোধৰণৰ অসামৰিক বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা জাৰি হোৱাৰ পূৰ্বেই ভাৰতে ইয়াৰ নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বৃহস্পতিবাৰে, এয়াৰ ইণ্ডিয়াৰ দ্বিতীয় বিশেষ বিমানখন ইউক্ৰেইনত উপস্থিত হয় আৰু ভাৰতীয় নাগৰিকসকলৰ দ্বিতীয় দলটোলৈ নতুন দিল্লীলৈ উৰা মাৰিছে। এই বিশেষ বিমানখনে পুৱা ৯-৫০ বজাত নতুন দিল্লীত উপস্থিত হৈছেহি।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dETO2Bp
via IFTTT

Comments