প্ৰথমে ৰাস্তা বনাৱক, তাৰ পিছতহে পাব ভোটঃ নিৰ্বাচনৰ পূৰ্বে মাজুলীবাসীৰ হুংকাৰ…

ডিজিটেল সংবাদ মাজুলীঃ উপনিৰ্বাচনৰ প্ৰাকক্ষণত উন্নয়ন বঞ্চিত মাজুলীত পুনৰ ভোট বৰ্জন কাৰ্যসূচী । লুইতপৰীয়া পঞ্চায়তৰ দুটা ৱাৰ্ডৰ দীৰ্ঘ দিন ধৰি উন্নয়ন বঞ্চিত বৰবিল, ফুটচাং, কপাহতলী, কান্ধুলি মাৰি গাঁৱৰ ৰাইজৰ প্ৰতিবাদ। উপ নিৰ্বাচনত ৮৮৭ টাকৈ ভোট হেৰুৱাব উপ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে। বান- গড়াখহনীয়াত সৰ্বস্বান্ত মাজুলী বাসীৰ যাতায়ত যোগাযোগ ব্যৱস্থা সৰ্বানন্দ সোণোৱালে আহি বহুখিনি পৰিৰ্ৱতন কৰিলে যদিও মাজুলীৰ অতি স্পৰ্শকাতৰ অঞ্চল সমস্যা সমাধানত ব্যৰ্থ বিজেপি চৰকাৰ ৷ এজাক বৰষুণ দিলেই উজনি মাজুলীৰ গ্ৰাম্য পথসমূহৰ লগতে ৰাজপথসমূহো বোকা-পানীৰে ভৰি পৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে জিলাখনৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লুইতপৰীয়া, গাওঁ পঞ্চায়তৰ কেইবাটাও গ্ৰাম্যপথৰ কদৰ্যময় অৱস্থা আৰু পথসমূহত থকা পুখুৰীসদৃশ গাঁতবোৰে পথচাৰিক বাৰুকৈয়ে জলা কলা খুৱাইছে৷ বিশেষকৈ লুইতপৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত সদাব্যস্ত ফুটচাং-কান্ধুলীমাৰী সংযোগী পথ আৰু মোৱামাৰী গাঁৱৰ পথটোত বোকা-পানীৰে ভৰি পৰাৰ লগতে পথটোত থকা পুখুৰীসদৃশ গাঁতবোৰৰ বাবে পথচাৰীয়ে অতি কষ্টেৰে অহা-যোৱা কৰিব লগা হৈছে । বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত ৰাজ্যৰ ৰাষ্টা-ঘাটসমূহ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে যদিও অৱহেলিত উজনি মাজুলীৰ বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওৰ পেলাবলৈ কিন্তু সক্ষম হোৱা নাই পৰিবৰ্তনকামী চৰকাৰখনে৷ ৷
এই ক্ষেত্ৰত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসীয়ে যাতায়াত-যোগাযোগত দীৰ্ঘদিনে ভূগি অহা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনোৱাৰ লগতে আগন্তুক ৭ মাৰ্চৰ উপনিৰ্বাচনত ফুটচাংৰ ২ আৰু ৪ নম্বৰ ভোট কেন্দ্ৰৰ ভোটাৰ সকলে ভোটাধিকাৰ সাৱস্ত নকৰাৰ সিদ্ধান্তৰে এখন পথ সভা অনুষ্ঠিত কৰে ৷ ফুটচাং অঞ্চলৰ তিনি শতাধিক লোক ওলাই আহি আগন্তক উপ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ লগতে উত্তাল প্ৰতিবাদ কৰে।
অসম চৰকাৰ ক সমালোচনা কৰি প্ৰতিশ্ৰুতি আমাক নালাগে , আমাক পকী পথ লাগে , আমি ভোট বৰ্জন কৰিম আদি ধ্বনিৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ভোট বিচাৰি ফুটচাং লৈ আহিব নোৱাৰিব কোনো ৰাজনৈতিক দলৰ নেতা পালিনেতা এইদৰেই তীব্ৰ হুংকাৰ প্ৰদান কৰে সকলোৱে । আন্দোলন কাৰী সকলে এই অঞ্চলত পকী পথ প্ৰদানৰ দাবীৰ লগতে প্ৰধান সমস্যা সমুহ সামাধানৰ নিশ্চিয়তা নিদিলে আগন্তুক উপ নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি শতাধিক লোকৰ স্বাক্ষৰিত স্মাৰক পত্ৰ মাজুলী জিলা উপায়ুক্ত লৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/qQTUwOp
via IFTTT
Comments
Post a Comment