ধিং মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ৰ ৫৭ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ উদ্যোগত শনিবাৰে মহাবিদ্যালয় খনৰ সভাগৃহত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অধ্যক্ষ ডঃ বিমান হাজৰিকাই উদ্বোধন কৰা কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱাই। সাম্প্ৰতিক সময়, সংস্কৃতি, সাহিত্য আদি ভিন্ন বিষয়ৰ ওপৰত অনুষ্ঠিত আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যাপক হিমাদ্ৰী শেখৰ চক্ৰবৰ্তী, ড০ স্নিগ্ধা মহন্ত, ডম্বৰুধৰ কাকতি, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক চাহিদ আহমেদকে আদি কৰি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/B5xw4MC
via IFTTT

Comments