কাৰাগাৰৰ ভিতৰতে মাৰপিট, আহত কেইবাগৰাকী কয়দী…

ডিজিটেল ডেস্ক: দিল্লীৰ তিহাৰ জেলত কয়দী সকলৰ মাজত হোৱা এক সংঘৰ্ষত ৪ জনকৈ কয়দী আহত হয়। লগতে কাৰাগাৰৰ দুই বিষয়াও আহত হয়।অৱশ্যে বৰ্তমান স্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে।
তিহাৰৰ ডিজি সন্দীপ গোয়লৰ মতে, শুকুৰবাৰে তিহাৰৰ জেল নম্বৰ-৪ ত এজন কয়দীয়ে আন এজন কয়দীক আক্ৰমণ কৰে। কিন্তু পাছত জেলৰ কয়দী সকল দুটা ভাগত বিভক্ত হৈ মাৰপিট আৰম্ভ কৰে।এই সংঘৰ্ষৰ ফলত ৪ গৰাকীকৈ কয়দী আহত হয়।
সংঘৰ্ষ চলি থকাৰ মাজতেই দুজন জেলৰ কৰ্মচাৰীয়ে ঘটনা ৰখাবলৈ চেষ্টা কৰে যদিও তেওঁলোকো আহত হয়। প্ৰতি গৰাকী আহত লোকক দিল্লীৰ দিন দয়াল হস্পাতালত ভৰ্তি কৰোৱা হয়। আটাইকেইজন বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
কিহৰ বাবে কয়দী সকলৰ মাজত মাৰপিট হয় সেইবিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zDlpKew
via IFTTT
Comments
Post a Comment