আৰক্ষীৰ জিম্মাৰ পৰা নদীত জাঁপ দিয়া গঁড় চিকাৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক: মষ্ট ৱানটেড গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ উদ্ধাৰ৷ বিশ্বনাথঘাটৰ পশ্চিম-দক্ষিণ দিশৰ কাজিৰঙাৰ দাঁতি কাষৰীয়া ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলীত উদ্ধাৰ নালকুৰ মৃতদেহ৷

বিশ্বনাথৰ নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো৷ ঘটনাস্থলীত উপস্থিত বিশ্বনাথৰ উপআৰক্ষী অধীক্ষকসহ দণ্ডাধীশ৷

কেৰেলাত গ্ৰেপ্তাৰ হোৱা নালকুৱে বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি পলায়ণ কৰিছিল যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা৷ লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ সেই নিশা হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপদি পলায়ণ কৰিছিল নালকুৱে৷

তেতিয়াৰে পৰা গঁড় চিকাৰীটোৰ সন্ধানত আৰক্ষীয়,NDRF য়ে ফভিযান চলাইছিল যদিও শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ দিনৰ পাছত উদ্ধাৰ হয় মৃতদেহ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/mE2YdLv
via IFTTT

Comments