আৰক্ষীৰ অভিযানত ৫হাজাৰ লিটাৰ চোৰাং ডিজেল-পেট্ৰল জব্দ মাৰ্ঘেৰিটা পাৱৈ চেন্টাৰত…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ চোৰাং তেলৰ বিৰুদ্ধ মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং ডিজেল আৰু পেট্ৰল জব্দ কৰিবলৈ সক্ষম হয়। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস ( আই পি এছ )ৰ নেতৃত্ব আৰু মাৰ্ঘেৰিটা আৰু ডিগবৈ আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ চেণ্টাৰ এলেকাৰ চাৰিস্থানত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰায় পাঁচ হাজাৰ লিটাৰ তেল জব্দ কৰিবলৈ সক্ষম হয়।
চোৰাং তেল বেপাৰী দিপক সিং আৰু ভগৱান শ্বাহে উক্ত তেল খিনি মজুত কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ডিগবৈ ট্ৰাৰমিনেলৰ পৰা অহা অইল ট্ৰেংকাৰ সমূহৰ একাংশ চালকক মেনেজ কৰি এই ব্যৱসায় দীৰ্ঘদিন ধৰি চলাই আহিছিল। ইতিপূৰ্বে পাৱৈ ভগৱান শ্বাহ মালিকানাধিন ধাবাত মহকুমা আৰক্ষীয়ে অভিযান চলাই তেল ট্ৰেংকাৰ সহ কেইবাজনো লকক গ্ৰেপ্তাৰ কৰিছিল ।
ইয়াৰ পাছতো তেল চুৰ ভগবানে চোং সলাই এই বেহা চলাই অহাৰ তথ্য লাভ কৰি আজি আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৫ লাখ টকা মূল্যৰ চোৰাং তেল আৰু বহুকেইটা ড্ৰাৰ্মৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় যদি কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল। অন্যহাতে তেল চুৰ দ্বয় শ্বাহ আৰু সিং আটক কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BKXbRL
via IFTTT
Comments
Post a Comment