৬জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো চৰকাৰে ৰাজনীতিকৰণ কৰি নাটক চলাই আছেঃ আটাছু…

ডিজিটেল সংবাদ, ধেমাজিঃ অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী টাই আহোম, চুতীয়া, মৰান , মটক, চাহজনজাতিৰ লগতে কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰন কৰাৰ বিষয়টোকলৈ কংগ্ৰেছ কিম্বা বিজেপি প্ৰতিখন চৰকাৰে ৰাজনীতি কৰন কৰি আহিছে, নিৰ্বাচনৰ আগে আগে জনজাতি কৰন বিষয়টোক লৈ প্ৰতিশ্ৰুতিৰ ফুলজাৰি নিৰ্বাচন গলেই সেয়া ধোঁৱাচাঙত তুলি সহজ সৰল জনগোষ্ঠীৰ ৰাইজক সেই দিশৰ পৰা পাভলুটি মাৰে, যাৰ পৰিনতিত জনগোষ্ঠী কেইটাই আজি পৰ্যন্ত জনজাতিৰ মৰ্যাদা লাভ কৰা নাই, এই মন্তব্য সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি লিটুল বুঢ়াগোহাঁইৰ ৷

বৃহস্পতিবাৰে ধেমাজিৰ হোটেল দকপুনত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি বুঢ়াগোহাঁইয়ে কয় যে, ২০১৬ চনৰ উপৰিও বিগত ২০২১ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়ত বতৰ্মানৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৌ তাই আহোম ছাত্ৰ সন্হাৰ ( আটাছুৰ) নেতৃত্বৰ লগতে লিটুল বুঢ়াগোহাঁইক প্ৰতিশ্ৰুতি দিছিল এইবাৰ চৰকাৰ হ’লে টাই আহোমক জনজাতি কৰা হব, হিমন্তই যি কথা কয় বা যি কামৰ প্ৰতিশ্ৰুতি দিয়ে সেইয়া পালন কৰে ৷ নিৰ্বাচন আহিল আৰু গ’ল এতিয়া মূখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন কৰক বুলি উল্লেখ কৰে ৷ ৬ জনজাতিক জনজাতি কৰন বিষয়টো ৰাজনীতি কৰন কৰি থকাৰ লগতে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীৰ কথামতে চৰকাৰ চলে নেকি বুলিও প্ৰশ্ন কৰে ৷

ট্ৰাইবেল সংঘৰ দোহাই দি প্ৰকৃততে চৰকাৰেহ ৬ জনগোষ্ঠীৰ জনজাতি কৰনৰ নাটক ৰচি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ইফালে টাই আহোমক শীৰ্ঘে জনজাতি কৰনৰ দাবীত সংগঠনটোৱে বৃহস্পতিবাৰে সংবাদ মেল যোগে এলানি গনতান্তিক কাৰ্যসূচীৰ কথা ঘোষনা কৰে ৷ সেই অনুসৰি অহা ২৩ মাৰ্চত নতুন দিল্লীৰ যন্ত্ৰৰ-মন্তৰত সংগঠনটোৱে গন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব ৷ তাৰ পাছত এপ্ৰিল মাহত ৰাজ্যখনৰ আহোম অধ্যুষিত গাঁৱে-গাঁৱে টাই আহোমক জনজাতি কৰনৰ দাবীত গন সচেতনতা যাত্ৰাৰ অনুষ্ঠিত কৰিব ৷ পৰৱৰ্তী সময়ত মে’ মাহত কমেও এক লাখ আহোম লোকৰ সমাগেমেৰে এক বিশাল গন সমাবেশ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে সংবাদ মেলত ৷

লখিমপুৰ -ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত দৈনিক ৪ ঘন্টাৰ মুৰে মুৰে এখন যাত্ৰী বাহী ৰেল চলাচলৰ বাবে ৰেলমন্ত্ৰীৰ লগতে উত্তৰ-পুব সীমান্ত ৰেলৰ মূখ্য প্ৰবন্ধকক দাবী স্মাৰকপত্ৰ প্ৰদানৰ কথা বৃহস্পতিবাৰে সংবাদমেলত ঘোষণা কৰে আটাছুৰ সভাপতি গৰাকীয়ে ৷ সংবাদ মেলত “আটাছু” মূখ্য উপদেষ্টা দুলাল বৰুৱা, মুখপাত্ৰ যাদৱ কোঁৱৰ, উপসভাপতি ক্ৰমে অচ্যুত বৰগোহাঁই, হৰেকৃষ্ণ ফুকন, দেৱজিৎ গগৈ, কুমুদ গগৈ, যুটীয়া সম্পাদক মনোজ গগৈ আৰু মিলন বুঢ়াগোহাঁই উপস্থিত থাকে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/bQgRYDw
via IFTTT

Comments