মাতৃভূমিলৈ স্বাগতমঃ ইউক্ৰেইনৰ পৰা মুম্বাইত উপস্থিত হোৱা ২১৯ শিক্ষাৰ্থীক স্বাগতম জনালে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰে…

ডিজিটেল ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ২১৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ তৃতীয়টো দিনত এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৯৪৩ ৰ জৰিয়তে ২১৯ জন ভাৰতীয় শিক্ষাৰ্থীক স্বদেশলৈ ঘূৰাই অহা হৈছে। নিশা ৮ বজাত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে।

এই বিমানখনে আবেলি ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা উৰা মাৰিছিল। স্বদেশলৈ ঘূৰি অহা এই শিক্ষাৰ্থীসকলৰ বাবে মুম্বাইৰ বিমানবন্দৰত এটা বিশেষ কৰিডৰ নিৰ্মাণ কৰা হৈছিল। শিক্ষাৰ্থীসকলৰ দেহত কোভিড পৰীক্ষা কৰা হৈছে। আনহাতে, ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা ২৫০ জন শিক্ষাৰ্থীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে নিশা ৯.৩০ বজাত নতুন দিল্লীলৈ উৰা মাৰিছিল।

এই বিমানখনদেওবাৰে পুৱা প্ৰায় ৮ বজাত নতুন দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব। ইফালে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ‘অপাৰেচন গংগা’ৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই অনাৰ অভিযান অব্যাহত থাকিব।

ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ পৰা মুম্বাইত উপস্থিত হোৱা ভাৰতীয় শিক্ষাৰ্থীসকলক বিমানখনত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে আদৰণি জনায়। তেওঁ শিক্ষাৰ্থীসকলক কয়, আপোনালোক সকলোকে মাতৃভূমিলৈ স্বাগতম জনাইছো। প্ৰতিজন শিক্ষাৰ্থীক দেশলৈ ঘূৰাই অনা হ’ব। এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকক স্বাগতম জনোৱা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/NZxJqKv
via IFTTT

Comments