গান-কবিতাৰ পাছত চৰ্চাত ভূপেন বৰাৰ হিন্দী…

বিৰোধী পক্ষক সমালোচনা কৰিবলৈ গৈ নিজেই সমালোচনাৰ পাত্ৰ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। সামাজিক মাধ্যমত বৰ্তমান চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ভূপেন বৰাৰ হিন্দী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বিৰোধিতা কৰি ভূপেন বৰাই হিন্দীতে মন্তব্য কৰে।মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দিয়ে ভূপেন বৰাই কিন্তু ভূপেন বৰাৰ হিন্দী শুনাৰ পিছতেই একাংশই ইয়াৰ সমালোচনা কৰিছে।

সমালোচনা কৰাৰ পৰা পিছ পৰি ৰোৱা নাই শাসকীয় পক্ষও। মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে ”ভূপেন বৰাৰ বিৰুদ্ধে বহুতেই ছ’চিয়েল মিডিয়াত লিখিছে। এয়াই হ’ল তেওঁৰ মানদণ্ড”। অসমক নিম্ম স্তৰলৈ লৈ যোৱা বুলিও কয় হাজৰিকাই।

বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই কয় যে ”ভূপেন বৰাৰ যি গৰাকী মুখ্য নেতা তেওঁক সকলোৱে পাপ্পু বুলি জানে। এতিয়া ভূপেন বৰা ২ নং পাপ্পু হ’ব। অৱশ্যে এইবাৰো পাপ্পু ফেইল হ’ব”।

তদুপৰি ভূপেন বৰাক হিন্দী শিকিবলৈ কলে বিধায়ক দিগন্ত কলিতাই। তেওঁ কয় যে ”মই অতি বিনম্ৰ অনুৰোধ কৰিছো তেওঁ হিন্দীৰ ভাল শিক্ষক লওক। আপুনি সৰু লৰা-ছোৱালীৰ দৰে মন্তব্য কৰিছে”।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vbRzJ5w
via IFTTT

Comments