হ’ব পাৰে পাৰমাণৱিক আক্ৰমণ ! ভয়ংকৰ ভৱিষ্যতৰ দিশে বিশ্ব, আলোচনাৰ মাজতে পুটিনৰ নিৰ্দেশে সৃষ্টি কৰিছে উত্তেজনা….

ডিজিটেল ডেস্কঃ ভয়ংকৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে বিশ্ব। ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে শান্তি আলোচনাৰ কথা চলিছে যদিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক প্ৰতিৰোধী বাহিনীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ লগে লগে সমগ্ৰ বিশ্বতে এক ভয়ংৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে। ইউক্ৰেইনৰ লগত চলি থকা সংঘাতৰ মাজতে পশ্চিমীয়া দেশসমূহে ৰাছিয়াক বাৰম্বাৰ ভয়, ভাবুকি প্ৰদান কৰি অহাৰ মাজতে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে পুটিনে এই ঘোষণা কৰিছে।
ইফালে, ইউক্ৰেইনে বেলাৰুছ সীমান্তত ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছে। ইয়াৰ পূৰ্বে, ৰাছিয়া-ইউক্ৰেইন সংকটৰ সমাধান সূত্ৰ উলিওৱাৰ বাট মুকলি হৈছিল যদিও ইউক্ৰেনে বেলাৰুছত ৰাছিয়াৰ সৈতে আলোচনা কৰাৰ বাবে ৰাছিয়াৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই সন্দৰ্ভত কৈছিল যে, য’ৰ পৰা আমাৰ দেশৰ ওপৰত আক্ৰমণ ক’ৰ হ’ল তাত আমি আলোচনা কৰিব নোৱাৰো। উল্লেখ্য যে তাৰ আগতে ক্ৰেমলিন বেলাৰুছত ইউক্ৰেইনৰ সৈতে মীমাংসা কৰিবলৈ সাজু আছিল।
ৰাছিয়াৰ প্ৰতিৰক্ষা, বৈদেশিক মন্ত্ৰালয় আৰু মন্ত্ৰীসহ ৰাষ্ট্ৰপতি প্ৰশাসনৰ কেইবাজনো বিষয়া আলোচনাৰ বাবে বেলাৰুছৰ হোমেল চহৰত উপস্থিত হৈছিল। বেলাৰুছত উপস্থিত হোৱা ৰাছিয়াৰ দলটোৱে কয় যে, তেওঁলোক আলোচনাৰ বাবে সাজু আৰু তেওঁলোকে ইউক্ৰেইনৰ প্ৰতিনিধিদলৰ বাবে অপেক্ষা কৰি আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JATQfvk
via IFTTT
Comments
Post a Comment