ভাৰতীয়ক কঢ়িয়াই ইউক্ৰেইনৰ পৰা আহিল প্ৰথমখন বিমান…

ডিজিটেল ডেস্কঃ যুদ্ধ প্ৰায় নিশ্চিত। তাৰ মাজতেই ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষে। ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে প্ৰেৰণ কৰা প্ৰথমখন বিমানে ২৪২ গৰাকী ভাৰতীয়ক লৈ ইতিমধ্যে ভাৰতলৈ ঘূৰি আহিছে। মঙ্গলবাৰে পুৱা ইউক্ৰেইন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানত ইউক্ৰেইনত আবদ্ধ আবদ্ধ হৈ থকা ২৪২ জন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে নিশা প্ৰায় ১১.৪৫ বজাত দিল্লীৰ ইন্দিৰাগান্ধী বিমানবন্দৰত অৱতৰণ কৰে।
উল্লেখ্যে যে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে আন ৪ খন বিমান প্ৰেৰণ কৰা হ’ব। কিয়েভৰ পৰা দিল্লীলৈ চাৰিখন বিমান ২৫ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী আৰু ৬ মাৰ্চত চলিব। ইতিমধ্যে ৰাছিয়াই ইউক্ৰেইনৰ দুখন প্ৰদেশক স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে। ভাৰতে ৰাছিয়াৰ পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
এই প্ৰসংগত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয় যে, ইউক্ৰেইন আৰু ইয়াৰ সীমান্ত অঞ্চলত ছাত্ৰ-ছাত্ৰীসহ ২০,০০০ তকৈও অধিক ভাৰতীয় বাস কৰে। তিৰুমূৰ্তিয়ে কয় যে এই ভাৰতীয়সকলৰ কল্যাণ আমাৰ প্ৰাথমিকতা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/5lu9QVT
via IFTTT
Comments
Post a Comment