বৃটেইনৰ যুদ্ধ বিমান অনুশীলনলৈ ভাৰতে প্ৰেৰণ নকৰে বিমানঃ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বাবেই বাতিল সিদ্ধান্ত….

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে বৃটেইনত অনুষ্ঠিত হ’বলগীয়া বিমান অনুশীলনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক ৬ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ বৃটেইনৰ ৱাডিংটনত কোবৰা ৱাৰিয়ৰ্ছ -২০২২ অনুষ্ঠিত হোৱাৰ কথা। ইতিমধ্য এই বিমান অনুশীলনত ভাৰতে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে সেই সিদ্ধান্ত বাতিল কৰিছে।
ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘাতৰ বাবেই সেই সিদ্ধান্ত বাতিল কৰিছে ভাৰতে। উল্লেখ্য যে বৃটেইনে ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ লগতে প্ৰথমৰে পৰা ইউক্ৰেইনৰ হৈ উকালতি কৰি আহিছিল আৰু ৰাছিয়াক সমালোচনা কৰি আহিছিল। ৰাছিয়াৰ বহু কেইটা বেংক বৃটেইনে বন্ধ কৰি দিছে।
এনে পৰিস্থিতিৰ মাজত অৱশ্যে ভাৰতে এক সন্তুলিত স্থিতি গ্ৰহণ কৰি আহিছে। ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সমস্যা কূটনৈতিক আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো বিচাৰিছে। যাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিন্দা প্ৰস্তাৱত ভাৰতে ভোটদান কৰাৰ পৰা বিৰত আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eGOCov2
via IFTTT
Comments
Post a Comment