সাৱধান ডাঃ ৪২০ ৰ পৰা : লক্ষ্য মহিলা-যুৱতী, ১৭ গৰাকীৰ সৈতে বহিলে বিয়াত…

ডিজিটেল ডেস্কঃ ডাক্তৰ বাবু প্ৰকাশৰ পৰা সাৱধান। যিকোনো মুহূৰ্ততে তেওঁ সুন্দৰী যুৱতীৰ মন জয় কৰিব পাৰে। বহিব পাৰে বিয়াত। এনে এজন মহা প্ৰবঞ্চকৰ কাহিনী পোহৰলৈ আহিছে। অসমৰ পৰাই তেওঁ বিবাহপাশত আবদ্ধ হৈছে ৩ গৰাকী মহিলাৰ সৈতে । তাৰে এগৰাকী হেনো চিকিৎসক।
ভুৱনেশ্বৰ আৰক্ষীয়ে এই মহাপ্ৰবঞ্চকৰ জাল খুলিলে। নিজকে চিকিৎসক বুলি পৰিচয় দি এজন ৬৬ বছৰীয়া ব্যক্তিয়ে দেশৰ বিভিন্ন ৰাজ্যৰ ১৭ গৰাকী যুৱতী-মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। আৰক্ষীয়ে সদৰি কৰা মতে তেওঁৰ ৪ গৰাকী পত্নী উত্তৰ প্ৰদেশত, ৩ গৰাকী দিল্লীত, ৩ গৰাকী অসমত, ২ গৰাকী মধ্যপ্ৰদেশত আছে।
পঞ্জাৱ, চত্তিশগড়, ঝাৰখণ্ডতো আছে তেওঁৰ পত্নী। এই প্ৰবঞ্চকৰ আছে ৩ খন বিভিন্ন নামত উলিওৱা পান কাৰ্ড আৰু ১১ খন এ টি এম। ভুৱা পৰিচয়েৰে নিজকে চিকিৎসক বুলি কৈ সামাজিক মাধ্যমত চিনাকী হোৱা মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা ব্যক্তিজন এতিয়া আৰক্ষীৰ জিম্মাত।
ডাঃ ৰমনী ৰঞ্জন স্বাইন নামেৰেও তেওঁ পৰিচয় দিছিল বহুতকে। এই ব্যক্তিজনৰ ঘৰ উৰিষ্যাৰ কেন্দাপাৰাত। কেৱল মহিলাক ঠগ-প্ৰবঞ্চনাৰে বিয়া পতাতেই তেওঁ উষ্টাদ নহয়। এম বি বি এছ পাঠ্যক্ৰমত পঢ়িবলৈ আসন দিম বুলি এজন ছাত্ৰৰ পৰা ১৮ লাখ টকা সংগ্ৰহ কৰাৰ গোচৰ ৰুজুও হৈছে তেওঁৰ বিৰুদ্ধে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VHrWebo
via IFTTT
Comments
Post a Comment