সমাজ সেৱাৰ নামত নিজৰ জীৱন উচৰ্গা কৰা ‘পদ্মশ্ৰী’ শকুন্তলা চৌধাৰী…

ডিজিটেল ডেস্ক: গান্ধীবাদী আদৰ্শৰে ওৰে জীৱন সেৱা কাৰ্যত নিজকে সমৰ্পন কৰি ৰখা শকুন্তলা চৌধাৰী আৰু নাই। ৰবিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰৱা আশ্ৰমত মৃত্যুক সাৱটি লয় পদ্মশ্ৰী শকুন্তলা চৌধাৰীয়ে।
জীৱনক বহুজনে বহুভাৱে গ্ৰহণ কৰে,জুখি চায় কোনাবাই কয় জীৱন জুখিবা হাঁহিৰে,কোনোবাই কয় বছৰেৰে নহয় জীৱন জুখিবা কৰ্মৰে।সেয়ে শতায়ুলৈ গতি কৰাজনে ভাৱে জীৱনত কৰিবলগীয়া কাম এতিয়াও বহুত বাকী আছে।এনে ব্যক্তিৰ জন্ম যতেই নহওক কিয় তেওঁলোকৰ কৰ্মপ্ৰেৰণাই উদ্বুদ্ধ কৰে বহুজনক। তেনে এগৰাকী অক্লান্ত সেৱিকা, বয়সৰ হিচাব,কৰ্মৰ হিচাব, সেৱাৰ হিচাব একোকে নগণি মাথোঁ নিস্বাৰ্থ আৰু চিদানন্দ মনোভাৱেৰে সুদীৰ্ঘ এশ বছৰ অক্লান্ত, নিৰৱচ্ছিন্নভাৱে সেৱাৰ কাম কৰি গৈছে নাৰীৰ বাবে।তেওঁৱেই হৈছে শকুন্তলা চৌধাৰী।
এই সমাজ সেৱিকা গৰাকীক চলিত বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰতৰ চতপৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে বিভূষিক কৰা হৈছিল।যাৰ বাবে সমগ্ৰ অসমবাসী চৰকাৰৰ ওচৰত সদায় কৃতজ্ঞ।এইগৰাকী মহিলাই ভৰ যৌৱন বেলাত সকলো ত্যাগ কৰি এদিন শূণ্য হাতেৰে আশ্ৰমবাসিনী হৈছিল।
১৯৪৬ চনত গান্ধীজী উলুৱাৰীলৈ অহাত শৰণীয়া পাহাৰৰ টিলাত তেওঁৰ ইচ্ছাতেই এখ পূৰ্ণকুটিৰ সজা হৈছিল।তাৰপাছতেই চাকি জ্বলাই গ্ৰাম সেৱিকা বিদ্যালয়ৰ শুভাৰম্ভ কৰি গান্ধীবাদী অমলপ্ৰভা দাসক পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল।সেই সময়ত কাৰ্যলয় পৰিচালনাৰ বাবে শিক্ষিতা ছোৱালীৰ প্ৰয়োজন হৈছিল আৰু তেতিয়াই অমলপ্ৰভা দাসে বিচাৰিছিল শকুন্তলা চোধুৰীক। ভৰ যৌৱন বয়সত শকুন্তলা চৌধাৰী নিজকে সমৰ্পন কৰিছিল সমাজ সেৱাৰ নামত আৰু হৈ পৰিছিল আশ্ৰমবাসিনী।
প্ৰথম অৱস্থাত শকুন্তলা চৌধাৰীক অফিচৰ সাধাৰণ কামত লগাইছিল যদিও পাছত তেওঁৰ কৰ্মদক্ষতা, নিষ্ঠা দেখি কস্তুৰৱা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল।প্ৰায় ৭ টা দশক সততাৰে কাম কৰাৰ পাছত তেওঁ অব্যাহতি লোৱাৰ পিছত অন্য এটা ট্ৰাষ্টৰ সদস্য সকলে তেওঁৰ পৰামৰ্শ মান্যতাৰে গ্ৰহণ কৰিছিল।
উল্লেখ্য যে, এটা সময়ত কস্তুৰৱা ট্ৰাষ্টৰ কামৰ ব্যস্ততাৰ মাজতো বিভিন্ন ঠাইত গৈ কেন্দ্ৰ স্থাপন কৰি গান্ধীজীৰ আদৰ্শৰ বীজ সিঁচিছিল।ঠিক তেনেদৰে বিভিন্ন দুৰ্যোগৰ সময়তো দুৰ্গম অঞ্চললৈ গৈ আগবঢ়াইছিল সেৱা।
সমাজৰ নামত কাম কৰি যোৱা এই মহিলা গৰাকীক বয়সেও হাৰ মানব পৰা নাছিল। কিন্তু শতবৰ্শ গৰকা শকুন্তলা চৌধাৰীৰ বাৰ্ধক্যজনিত কাৰণত স্মৃতি শক্তি, শ্ৰৱণ শক্তি দুৰ্বল হৈ পৰিছিল। প্ৰায় দুদিন ধৰি অসুস্থ হৈ থকাৰ পিছত আজি ইহলীলা সম্বৰণ কৰে আশ্ৰমৰ বাবে মহীৰূপ স্বৰূপ শকুন্তৱা চৌধাৰীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YNZskTc
via IFTTT
Comments
Post a Comment