সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সমস্যা সদনত উত্থাপনৰ বাবে বিধায়কক সাক্ষাৎ

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মঙ্গলবাৰে জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ কৰি অহা মাৰ্চ মাহৰ ১৪ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনত তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ উত্থাপন কৰিবলৈ অনুৰোধ জনাই। তেওঁলোকে বিধায়কগৰাকীক দিছপুৰৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি পদ প্ৰাদেশিকীকৰণৰ বিষয়টো বিশেষকৈ কেতিয়াৰ পৰা নিযুক্তি, কেতিয়াৰ পৰা দৰমহা মুকলি আৰু ফাইলৰ পুনৰীক্ষণ প্ৰক্ৰিয়া অতি সোনকালে শেষ কৰিবলৈ, সম্পূৰ্ণ দৰমহাৰ কাৰনে দাবী উত্থাপন কৰি শিক্ষামন্ত্ৰী লৈ প্ৰশ্ন উত্থাপনৰ বাবে অনুৰোধ কৰে।

বিধায়ক হাফিজ ৰফিকুল ইছলামেও বিষয়টো গুৰুত্বসহকাৰে লৈ প্ৰশ্নসমূহ বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। মঙ্গলবাৰে বিধায়কগৰাকীক সাক্ষাৎকালত সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মহিদুল কবিৰ, প্ৰনয় নাথ, অমল সূত্ৰধৰ, দিপ্তী ৰয়, ধনঞ্জয় দাস, আবুল বাতেন, হজৰত আলী, বদশ্বাহ আলী, আব্দুল জলিল কাজীকে আদি কেইবাগৰাকী লোকে অংশ গ্ৰহণ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dmb1jYC
via IFTTT

Comments