আহমেদাবাদ বিস্ফোৰণৰ গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মৌলানা আৰ্শাদ মাদানী…

ডিজিটেল ডেস্কঃ জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্শাদ মাদানীয়ে আহমেদাবাদ বিস্ফোৰণ সন্দৰ্ভত শুকুৰবাৰে ন্যায়ালয়ে প্ৰদাণ কৰা ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰিছে। বিশেষ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ কথাও তেওঁ ঘোষণা কৰিছে। এই বিষয়ত তেওঁ কয় যে, বিশেষ আদালতৰ সিদ্ধান্ত অবিশ্বাস্য।

মৌলানা আৰ্শাদ মাদানীয়ে ৩৮ জন দোষীক মৃত্যুদণ্ড আৰু ১১ জনক আজীৱন কাৰাদণ্ড বিহা সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কয়, “আমি শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাম আৰু আইনী যুঁজ অব্যাহত ৰাখিম।”



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/j0Cr3Tw
via IFTTT

Comments