ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন, অংশ গ্ৰহণ কৰিব তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত

ডিজিটেল ডেস্ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। গুৱাহাটীত উপস্থিত হৈয়ে প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু পাছত বীৰ লাচিত ফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
আজি শনিবাৰে ৰাষ্ট্ৰপতি গৰাকী তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব আৰু তাৰ পৰা কাজিৰঙালৈ যাত্ৰা কৰিব। তেজপুৰৰ পৰা তেওঁ বিশেষ বিমান যোগে কাজিৰঙাত উপস্থিত হ’ব আৰু বাগৰি বনাঞ্চলত জীপ চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগ পৰিদৰ্শন কৰিব।
নিশা কাজিৰঙাক এখন ৰিজৰ্টতে কটাবলগীয়া ৰাষ্ট্ৰপতি গৰাকীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কঁহৰা বনাঞ্চলত হাতী চাফাৰী কৰিব। তাৰপিছদিনাই অৰ্থাত ৰবিবাৰে পুৱা কাজিৰঙাৰ পৰা যোৰহাটলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি গৰাকী। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ সময়ত তেওঁৰ লগত আছে পত্নীসহ কন্যা।
ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত সাধাৰণ নাগৰিকৰ বাবে বন্ধ কৰা হৈছে কাজিৰঙা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Rp15hgN
via IFTTT
Comments
Post a Comment