কামৰ কথা কওঁক…

ডিম্পুল বৰগোহাঁই
আপুনি ভাৱে নেকি, নেতাসকলে নাভাৱি-নিচিন্তি যিটি কথা কয় বুলি? এই ভুল নকৰিব আৰু যদিহে কোনোবাই এনেদৰে ভাৱিছে তেওঁকো কিছু কথা বুজাবলৈ চেষ্টা কৰক। যিকোনো প্ৰকাৰে জনসাধাৰণক মূল ইচ্ছ্যুৰ পৰা ফালৰি কাটি অনাৰ বাবে নেতাসকলে কি কি কথা কব পাৰে, যোৱা ৫-৬বছৰৰ প্ৰেক্ষাপট অধ্যয়ন কৰিলেই সকলো স্পষ্ট হ’ব।
কিন্তু সেই স্পষ্ট ছবিখন বিচাৰি উলিওৱাত আমি বিফল হৈছো। সেয়েহে বাৰে বাৰে নেতাৰ চতুৰালি কথাত উটি গৈছো। পাহৰি গৈছো প্ৰতিশ্ৰুতি। সস্তীয়া কথাৰে ভেক্লবাজী মাৰি যেন সকলো দেখিও একো কব নোৱাৰা এক পৰিস্থিতি সৃষ্টি কৰিছে শাসকীয় তথা বিৰোধী দলৰ বহু নেতাই।
উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৫ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সকলো ব্যস্ত প্ৰচাৰ অভিযানত। বচা বচা নেতাক লৈ সকলো দলেই এই ৫ৰাজ্যত ব্যাপক কৰি তুলিছে প্ৰচাৰ অভিযান। বিৰোধীয়ে যদি নিবনুৱাৰ সমস্যাৰ কথা উলিয়ায়, শাসকে কয়, তেওঁলোক শাসনত থকা সময়ত কি কৰিছিল? ইটো দলে সিটো দললৈ দুখ ঠেলাতেই যেন সকলো অন্ত হৈছে!
কেইবাখনো নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ দলে বৃদ্ধি পোৱা নিবনুৱা সমস্যা, কোৰোনাকালীন দুৰ্দশা, ধনী-দুখীয়াৰ মাজত বাঢ়ি অহা প্ৰভেদ, চুবুৰীয়া দেশৰ অগ্ৰাসনৰ দৰে বিভিন্ন প্ৰসংগ আনিছে যদিও শাসকপক্ষই তাৰ উত্তৰ নিদিয়ে। চৰকাৰখনৰ মূল মানুহ প্ৰধানমন্ত্ৰীগৰাকীয়েও এইবোৰ প্ৰসংগত প্ৰত্যুত্তৰ নিদি বেছি সময় কংগ্ৰেছৰ দোষ-ক্ৰুটি খোচৰাতে ব্যস্ত থাকিল।
বিৰোধী দলসমূহে বিগত ৮বছৰত দেশবাসীয়ে সন্মুখীন হোৱা বিভিন্ন প্ৰসংগ উত্থাপন কৰিবলৈ অহৰহ চেষ্টা কৰে যদিও শাসকীয় দলৰ বহু নেতাই অন্য কথা বা প্ৰসংগৰে এক নতুন বিৰ্তকৰ সূচনা কৰি বাকী সকলো গাপ দিয়ে। শেহতীয়াকৈ চাবলৈ গলে- নিৰ্বাচনৰ আগমূৰ্হুতত বাকী সকলো সমস্যাক একাষৰীয়া কৰি মূল বিষয় হল-হিজাব।
এটা সাধাৰণ ঘটনাক এনে পৰ্যায়লৈ লৈ যোৱা হল যে ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত এনেবোৰ প্ৰসংগই অমূলক। শাসক বিৰোধী সকলো জপিয়াই পৰিল। কিন্তু কোনেও ভাৱি নাচালে এক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত এইবোৰ কথাৰ জানো প্ৰাংসগিকতা আছে! ইচ্ছ্যটো সুন্দৰকৈ আগবঢ়াই লৈ যোৱা হল। ইয়াৰ মাজতে এই জুইকুৰাত ঘিউ ঢালি সকলো ৰাজনৈতিক দলকে অন্য এটা প্ৰসংগ জাপি দিলে হিমন্ত বিশ্ব শৰ্মাই।
ৰাহুল গান্ধীক কটাক্ষ কৰিবলৈ গৈ মাতৃত্বৰ ওপৰত শৰ্মাই কৰা প্ৰশ্নক লৈ এতিয়া সকলোতে চৰ্চা। উত্তৰ প্ৰদেশৰ পৰা আদি কৰি উত্তৰাখণ্ড, গোৱালৈকে সকলো বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে। উত্তৰ প্ৰদেশৰ এছ পি দলৰ অধ্যক্ষগৰাকীয়ে নাম নোলোৱাকৈ ডঃ শৰ্মাক কটাক্ষ কৰি কলে- যিসকলে কথা কব নাজানে, তেওঁলোকক ভগৱানে জিভা নিদিয়াই ভাল।
সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো এতিয়া ৰাজনৈতিক পৰিৱেশ একেই। ভুপেন বৰাৰ কবিতাৰে আৰম্ভ হোৱা এই কথাৰ চুপতি শেহতীয়াকৈ ভাষা পাইছেগৈ। বাকী সকলো সমস্যা বাদ দি এতিয়া এই সস্তীয়া কথাবোৰতে ব্যস্ত শাসক-বিৰোধী। অসমৰ বৰ্দ্ধিত নিবনুৱা সমস্যা, শিক্ষাৰ ক্ষেত্ৰখনলৈ কোৰোনাই নমাই অনা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ কি পৰিৱেশ ৰচনা কৰা হৈছে, এই সকলোবোৰলৈ পিঠি দি এতিয়া কেৱল চলিছে অসমৰ ৰাজনীতিত অতি প্ৰাসংগিক হৈছে গান, কবিতা।
জনতাৰ দুৰ্দশা বুজিবলৈ এতিয়া কাৰোৰে সময় নাই। শাসকপক্ষইও এনেবোৰ বিষয় চলি থাকিলে ভালেই পায়। কিয়নো এই সময় বিগত ৮বছৰত কি কি কৰিলে এইবোৰ হিচাপ নকৰিলে তেওঁলোকৰে লাভ বুলি জানে। যি সময়ত দেশত হিজাব পিন্ধা নিপিন্ধাক লৈ ইমান বিৰ্তক, সেই সময়ত কোনো এজন নেতাই সাহসেৰে কব পৰা নাই যে, আজিৰ যুৱপ্ৰজন্মই এইবোৰ নিবিচাৰে, বিচাৰে পঢ়া-শুনা কৰি প্ৰতিষ্ঠা লাভ কৰিবলৈ। কিন্তু আমাৰে দুভাগ্য, এনে সবল মত দিব পৰা বিৰোধী নেতা লেখত লবলগীয়া।
বাস্তৱতিকতে প্ৰতিমাহে সমগ্ৰ দেশত নিবনুৱাৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়িছে। চৰকাৰৰ ব্যক্তিগত নীতিৰ ফলত কৰ্মসংস্থানৰ পথো সংকুচি হৈ আহিছে। কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক খালী হৈ থকা পদ পূৰণ কৰিব পৰা নাই। সমগ্ৰ দেশত কমেও প্ৰায় ১০লাখ খালী পদ আছে, ঠিক তেনেদৰে অসমতো আছে ৮০হাজাৰো অধিক খালী পদ।
মোডী চৰকাৰে বছৰেকত ২কোটি নিবনুৱাক কৰ্মসংস্থাপন দিম বুলি পূৰ্বতে কথা দিছিল। সেই হিচাপত আজি ৮টা বছৰে ১৬কোটি নিবনুৱাই চাকৰিব পাব লাগিছিল। কিন্তু পাইছেনে চাকৰি? কেৱল মাত্ৰ সস্তীয়া কথাৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ বিচৰা প্ৰতিটো ৰাজনৈতিক দলক সাধাৰণ জনতাই প্ৰশ্ন কৰাৰ সময় এয়া। যুক্তিহীন আৱেগ আৰু অবাস্তৱ উচ্ছ্বাহত উটি-ভাহি গৈ আচঁল সত্যক পিঠি দিলে জনতাৰ দুঃসময় শেষ কেতিয়াও নহয়…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lMZYgnO
via IFTTT
Comments
Post a Comment