আমাক উপলুঙা নকৰিবঃ শুকুৰবাৰে ধেমাজি প্ৰেছ ক্লাৱত বেতনবিহীন প্ৰাথমিক শিক্ষক সকলৰ সংবাদমেল…

ডিজিটেল সংবাদ , ধেমাজিঃ ১৯৯১ চনৰ পৰা ২০০১ চনৰ লৈকে ধেমাজি ও লখিমপুৰ জিলা দুখনত প্ৰাথমিক ও মাধ্যমিক বিদ্যালয়ত শিক্ষাবিভাগৰ কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী নিযুক্তি পায় বিগত একেৰাহে ২০/২৫ বছৰ ধৰি কৰ্মৰত অৱস্হাত থকা পিছতো আজি পৰ্যন্ত চৰকাৰে শিক্ষকসকলক দৰৰ্মহা দিয়া নাই ।
বাৰম্বাৰ চৰকাৰে শিক্ষকসকলক দৰৰ্মহা দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত শিক্ষকসকলৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াত বেতনবিহীন শিক্ষকসকলৰ ধৈৰ্য্য সীমা হেৰুৱাই যোৱা উপক্ৰম হৈছে ৷ ধেমাজি ও লখিমপুৰ জিলা চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা প্ৰাথমিক শিক্ষক সন্হাই এই শিক্ষকসকলক চৰকাৰে শীঘ্ৰেই দৰৰ্মহা দিয়া ব্যৱস্থা কৰাৰ দাবীত শুকুবাৰে ধেমাজি প্ৰেছ ক্নাৱত এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷
দৰমহা নোপোৱা শিক্ষক সন্হাৰ ৰাজ্যিক সমিতিৰ সদস্য খগেন হাজৰিকা , ধেমাজি জিলাৰ সভাপতি ৰঞ্জন দত্ত সম্পাদক জোনাৰাম বড়া আৰু লখিমপুৰ জিলাৰ সভাপতি পৰেশ শইকীয়া আৰু সম্পাদক দুলাল দাসৰ সৈতে জিলা দুখনৰ প্ৰায় এক শতাধিক বেতনবিহীন ভুক্তভোগী শিক্ষকে চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ১৯৯১ ৰপৰা ২০০১ চনৰলৈকে নিযুক্তিপ্ৰাপ্ত এই শিক্ষক সকলক চৰকাৰে প্ৰতি জিলাতেই বহুবাৰ শুনানি গ্ৰহন কৰি সমগ্ৰ ৰাজ্যতেই মুঠ ৮৪৭০ গৰাকী শিক্ষকক এ. বি. চি. ডি এই চাৰিটা কেটেগৰীত শিক্ষকসকলক ভাগ কৰি মাত্ৰ একাংশকে দিয়া ব্যৱস্হা কৰে যদিও আন একাংশৰ প্ৰতি আজিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই ৷
বিগত বৰ্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত ৪৫১১ জনক চৰকাৰী ভাৱে সভা পাতি নিয়মীয়াকৰন কৰা সময়ত ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বক্তব্যত ৰৈ য়োৱা শিক্ষকসকলক শীঘ্ৰেই চাকৰি নিয়মীয়াকৰন কৰা হ’ব বুলি ঘোষনা কৰিছিল ৷ আন নালাগে বিভিন্ন ৰাজহুৱা সভা- সমিতিত মুখ্যমন্ত্ৰীয়ে এই শিক্ষকসকলক প্ৰতিশ্ৰুতি দি আহিছিল ৷
কিন্ত অতি পৰিতাপৰ বিষয় যে কাৰ্য্যত সেই প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিছে ৷ উল্লেখ্য যে ধেমাজি জিলাৰ পৰা ২৭৩ জন আৰু লখিমপু জিলাৰ পৰা ৮৫০ জনে এতিয়ালৈকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৷ চৰকাৰ খনৰ এনে হঠকাৰী বৈষম্যমূলক আচৰনক লৈ অতি ক্ষোভিত আৰু অতি হতাশাগ্ৰস্ত হৈ পুনৰ সংবাদমেলৰ জৰিয়তে শুকুবাৰে চৰকাৰক এই শিক্ষকসকলৰ চাকৰি সমূহ নিয়মীয়াকৰন ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
সংবাদমেলত বেতন বঞ্চিত শিক্ষকসকলে গৃহ সমষ্টি ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী গৰাকীৰ পৰা ও কোনো সহাৰি নোপোৱাৰ বুলি জনোৱা উপৰিও অলপতে শিক্ষামন্ত্ৰী গৰাকীক সাক্ষাৎ কৰোতে মন্ৰী গৰাকীয়ে বৰঞ্চ এই শিক্ষকসকলক উপলোঙা কৰি ট্ৰেইনৰ টিকট নোপোৱা যাত্ৰীৰ লগত তুলনা কৰা বিষয়লৈ শিক্ষক সকলে ক্ষোভ প্ৰকাশ কৰে ৷ শিক্ষকসকলৰ সমস্যাৰ প্ৰতি তিলমানো গুৰুত্ব নিদিয়া শিক্ষামন্ত্ৰীয়ে এনেধৰনৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহৱান জনায় ৷
আগুন্তুুক দিনত হ’ব লগীয়া বাজেট অধিৱেশনত বেতন বঞ্চিত শিক্ষকসকলৰ বিষয়টো নিস্পত্তি কৰি শিক্ষকসকলৰ সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰলৈ সংবাদমেলৰ জৰিয়তে বেতন বঞ্চিত শিক্ষক সকলে আহৱান জনাইছে ৷ অন্যথা পৰৱতী সময়ত বেতন বঞ্চিত শিক্ষকসকলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়াই দিয়ে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OMchDRJ
via IFTTT
Comments
Post a Comment