ৰাহুল গান্ধীৰ ভিতৰত জিন্নাৰ ভূত সোমাইছে- হিমন্ত

ৰাহুল গান্ধীক জিন্নাৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে উত্তৰাখণ্ডত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে কটাক্ষমূলক মন্তব্য কৰিছিল। তাৰপিছতেই কংগ্ৰেছে বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যৰ।
ইয়াৰ পিছত পুনৰ শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰে। শৰ্মাই কয় যে ” ৰাহুল গান্ধীক আক্ৰমণ নকৰি মৰম কৰিম নেকি, অথবা তেওঁৱেই মোক আক্ৰমণ নকৰি মৰম কৰিব নেকি। মই কংগ্ৰেছত নাই গতিকে আক্ৰমণ কৰিমেই। ৰাহুল গান্ধীৰ ভিতৰত জিন্নাৰ ভূত সোমাইছে। জিন্নাই ১৯৪৭ চনৰ আগতে যি ভাষা প্ৰয়োগ কৰিছিল সেয়া এতিয়া ৰাহুলে কৰে”।
”আমাৰ জোৱান সকলে বহুদিন পৰিকল্পনা কৰি শত্ৰুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। যেতিয়া ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰপিছত সংবাদমেল সম্বোধন কৰি এই বিষয়ে জনাই। কিন্তু তাৰ পিছত ইয়াৰ প্ৰমাণ বিচাৰি কংগ্ৰেছে সংবাদ মেল দিয়ে।সেইবাবে মই কংগ্ৰেছক কৈছো। কিন্তু মোৰ এতিয়া লক্ষ্য পুৰণ হ’ল, কংগ্ৰেছে পুনৰ এনে কৰাৰ সাহস নকৰে”- এই মন্তব্য শৰ্মাৰ।
উল্লেখ্য যে, ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছিল ৰাহুল গান্ধীয়ে। সেই কথাতে ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে ”আমি প্ৰমাণ বিচাৰিছো নেকি তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ বুলি”? এই মন্তব্যৰ পিছতেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত অব্যাহত আছে বাকযুদ্ধ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XW0mrlD
via IFTTT
Comments
Post a Comment