বটদ্ৰৱাত এইবাৰ বগৰীৰ মাজত ওলাল ড্ৰাগছ…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ আৰক্ষী অধিক্ষক আনন্দ মিশ্ৰৰ বদলিৰ পিছতো নগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। দেওবাৰে বটদ্ৰৱাত ছহিদ বুঢ়া নামৰ দুৰ্ধষ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙ্গলবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত পূব ভোমোৰাগুৰিৰ পৰা আব্দুল হেকিম (পিতা- নইম উদ্দিন) নামৰ আন এজন ৫৫ বছৰীয়া ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাটীযুজোৱা গাঁৱৰ নিবাসী আব্দুল হেকিমে পূব ভোমোৰাগুৰিত এঘৰ আত্মীয়ৰ ঘৰ ভাড়াত লৈ চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। মাজনিশা বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বগৰীৰ মাজত লুকুৱাই ৰাখি গোপনীয়তাৰে বিক্ৰী কৰি থকাৰ মাজতে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আব্দুল হেকিমক আটক কৰে আৰু তিনিটা প্লাষ্টিকৰ পেকেটত ভৰ্তি হৈ থকা ৯.৭০গ্ৰাম ড্ৰাগছ জব্দ কৰে।
নিশা কাপোৰ কানি লৈ শুই থকাৰ ভাওজুৰি ড্ৰাগছ বিক্ৰী কৰি থকা আব্দুল হেকিমে সাধাৰণ ৰাইজক দেখুৱাই বজাৰত বগৰী বিক্ৰী কৰি ফুৰে যদিও গোপনীয়তাৰ ড্ৰাগছৰ সাম্ৰাজ্য চলাই আহিছিল। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনৰ হাতৰ পৰা এটা চাবোনৰ খালী বাকচ, ড্ৰাগছ হুপি খোৱা পিপা, ১৭ টা খালী কন্টেইনাৰ আৰু নগদ ২৮৬০ টকা উদ্ধাৰ কৰা হয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/p5vZXcu
via IFTTT
Comments
Post a Comment