অভিলেখ! প্ৰায় ১ লাখ টকাত বিক্ৰী ডিব্ৰুগড়ৰ গ’ল্ডেন পাৰ্ল চাহ

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ নাহৰচুকবাৰী টি ফেক্টৰীত প্ৰস্তুত কৰা গ’ল্ডেন পাৰ্ল চাহ সোমবাৰে গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰত বিক্ৰী হয় প্ৰায় ১ লাখ টকাত।
প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকাত চাহ বিক্ৰী কৰি আন অভিলেখ গঢ়িলে অসমৰ চাহপাতে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ মনোহৰী গল্ড টি ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিলষ।
ডিব্ৰুগড়ৰ নাহৰচুকবাৰী টি ফেক্টৰী স্থাপন হৈছিল ২০১৮ চনত। এই ফেক্টৰীটোৱে গুণগত চাহ প্ৰস্তুত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। ক্ষুদ্ৰ চাহ খেতিয়ৰ পৰা কেঁচাপাত ক্ৰয় কৰি ফেক্টৰীটোৱে ব্যৱসায় চলাই আহিছো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RSxKOVl
via IFTTT
Comments
Post a Comment