সাহসী ‘জননী’…

ডিম্পুল বৰগোহাঁই

তুমি ছোৱালী মানুহজনী হৈ এইবোৰ কাম কৰিব পাৰিবা জানো!

সময় বাগৰিছে, সমাজ বহুদূৰ আগবাঢ়িছে, কিন্তু আজিও আমাৰ সমাজত লৰা-ছোৱালীৰ মাজত বৈষম্য সৃষ্টি কৰা এনেবোৰ কথাৰ যেন অন্ত পৰা নাই। আজিও সমাজত প্ৰচলিত হৈ আছে ’ এই কাম লৰাইহে পাৰে, ছোৱালীয়ে নোৱাৰে’। অতীততে এক পৰম্পৰা হিচাপে গঢ় লৈ উঠা এই মানসিকতা বৰ্তমান সময়ত যথেষ্ট দূৰ হৈছে যদিও একবাৰে নিৰ্মূল হোৱা নাই। আজিও কোনো সমাজত সেই একেই কথাই দোহাই দিয়া হয় যে- লাও সদায় পাতৰ তলত আৰু….

এই অজস্ৰ পায়-নেপায়, লাগে-নেলাগেবোৰৰ আঁৰত আচলতে কি লুকাই আছে! বহু পায়-নাপায়ৰ উত্তৰ পোৱা যায় যদিও, বহুতৰে কোনো উত্তৰ পোৱা নাযায়। বহুতে এনে কিছু কথা-কামক লোক বিশ্বাস হিচাপে অভিহিত কৰে। সকলো কথা সমৰ্থন নকৰিলেও এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে নীতি-নিয়ম তথা পৰম্পৰায়েই সমাজখনক শৃঙ্খলাবদ্ধ, সমৃদ্ধিশালী আৰু প্ৰতিজনকে সু-স্বাস্থ্যৰে জীয়াই থকাত বলিষ্ঠ অৰিহণা যোগাই আহিছে। সেইবুলি সকলোবোৰ লোক-বিশ্বাসৰে বৈজ্ঞানিক যুক্তিযুক্ততা বিচাৰি পোৱা নাযায়।

সেয়া যি যে নহওক, এগৰাকী নাৰীৰ সামৰ্থ বা কৰিব পৰা কাম এটা সামাজিক পৰম্পৰাৰ দোহাই দি বাধা প্ৰদান কৰাতো আজিৰ যুগত কোনোপধ্যই সমৰ্থন কৰিব নোৱাৰি। সমাজৰ এনে বাধাই বহুসময়ত এখন দেশৰ বিকাশত প্ৰভাৱ পেলায় কিয়নো আমাৰ দেশত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে আছে ৯৪৩ গৰাকী মহিলা।

দিনক দিনে দেশৰ নিবনুৱাৰ সংখ্যা বাঢ়িছে। ভাৰতৰ কথা বাদ দি আমি যদি অসমৰ ফালেই চাও তেন্তে দেখিম যে, অসমৰ মুঠ ৩১২ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ২৪ লাখেই শিক্ষিত নিবনুৱা। নিয়োগ বিনিময় কেন্দ্ৰৰ ২০১০ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ চাকৰি প্ৰত্যাশীৰ ( job seekers) ৭৫% হ’ল শিক্ষিত নিবনুৱা। মুঠ ১৪,৩৩,২১৮ গৰাকী শিক্ষিত নিবনুৱাৰ ভিতৰত ২,৮৩,৪৭১ গৰাকী হ’ল স্নাতক(মুঠ শিক্ষিত নিবনুৱাৰ ২০%),২১,৩৫২ গৰাকী হ’ল স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী আৰু ২,৮৩৯ জন হ’ল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অধিকাৰী।

এয়া হৈছে চাকৰি বিচাৰি ফুৰা শিক্ষিত নিবনুৱা। আমাৰ দেশত বহুতে চাকৰি বিচাৰি হাবাথুৰি খাই শেষত নিজাববীয়াকৈ কিছু কামো কৰিছে। কিন্তু ইয়াৰ মাজতে ছোৱালী হোৱাৰ বাবেই বহু শিক্ষিতা নিবনুৱা হিচাপেই ৰৈ গৈছে। তেওলোকে মনে বিচৰা কামটোও কৰিবলৈ গৈ সোমাই পৰিছে সমাজৰ তথাকথিত পৰম্পৰাৰ মাজত। কিন্তু এনে পৰিস্থিতিটো বহু শিক্ষিতাই নিজৰ মনে বিচৰা কাম কৰিবলৈ সমাজৰ পৰম্পৰাক প্ৰত্যাহ্বান জনাইছে, সমাজৰ বান্ধোন চিঙি তেওলোক নিজৰ ভৰিৰ ওপৰত থিয় দি হৈছে আত্মনিৰ্ভৰশীল।

সমাজৰ বান্ধোন চিঙি আত্মনিৰ্ভৰশীল হোৱা তেনে এগৰাকী শিক্ষিতাৰ জীৱন সংগ্ৰামে শেহতীয়াকৈ শিৰোনাম দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ। লিংগৰ ভেদাভেদক কেৰেপ নকৰি ২০ বছৰীয়া এজনী ছোৱালীয়ে সোগৌৰৱে কৈছে যে- কামত যেনেকৈ সৰু বৰ নাই। ঠিক তেনেকৈ কাম কোনে কৰিব লাগিব তাৰো কোনো ধৰা-বন্ধা নাই। সামৰ্থনুযায়ী লিংগভেদে সকলোৱে সকলো কাম কৰিব পাৰে।

২০ বছৰীয়া এই ছোৱালীজনীৰ নাম হৈছে জননী ৰাৱ। ঘৰ হায়দৰাবাদত। ৱিলা মেৰী কলেজৰ পৰা মনোবিজ্ঞানৰ লগতে গণ সংযোগ বিভাগৰো স্নাতক জননী। হায়দৰাবাদৰ জননীয়ে শেহতীয়াকৈ যোগদান কৰিছে ঘৰে ঘৰে খাদ্য যোগান ধৰা অনলাইন প্ৰতিষ্ঠান ছুইগীত। বিগত প্ৰায় আঢ়ৈ মাহ ধৰি হায়দৰাবাদৰ ৩ টা অঞ্চলত খাদ্য যোগান ধৰি আছে জননীয়ে।

নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ প্ৰৱল বাসনা বুকুত লৈ জননীয়ে সমাজৰ বাধাকো কেৰেপ নকৰি নিৰ্ভয়ে নিজৰ কৰিব লগীয়াখিনি কৰি গৈছে। জননীৰ মতে মহিলাই সকলো কাম কৰিব পাৰে, লাগে মাথো আত্মবিশ্বাস। এই কামটোৰ বাহিৰে বেলেগ কামৰ কিয় সন্ধান নকৰিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত জননীয়ে কয়- কামৰ সৰু-বৰ নাই। কিন্তু তাতোতকৈ ডাঙৰ কথাতো হল নাৰীয়ে বহু কাম নোৱাৰে বুলি কৰিবলৈ দিয়া নহয়। গতিকে তেনেকৈ ভৱাসকলক মই এটা বাৰ্তা দিবহে বিছাৰিছো যে, নাৰীয়ে কৰো বুলিলে সকলো কৰিব পাৰে, তেওলোকে নিজৰ এই ভুলটো ভাঙক।

এই কামৰ পাছতে হায়দৰাবাদত এতিয়া জনপ্ৰিয় জননী। সকলো জননীৰ প্ৰশংসাত পঞ্চমুখ। দিন-ৰাতি এক কৰি গ্ৰাহকক খাদ্যক যোগান ধৰি আছে জননীয়ে। শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰা জননীয়ে নিজৰ কামক লৈ খুবেই সুখী বুলিও মত ব্যক্ত কৰে। ৰাতিৰ কৰ্তব্যৰ সময়ত নিজৰ সুৰক্ষাৰ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয়- স্প্ৰেৰ পৰা আদি কৰি কিছু বস্তু কোম্পানীৰফালৰ পৰা দিয়া হৈছে, বাকী নিজাববীয়াকৈ কোনো সামগ্ৰী লোৱা হোৱা নাই।

জননীৰ এই কাম নিসন্দেহে প্ৰশংসনীয়। সমাজৰ বিভিন্ন পৰম্পৰাৰ কথা দোহাই দি পৰিয়ালে এই কামৰ বাবে বাধা প্ৰদান কৰিছিল যদিও নিজৰ কাম নিষ্ঠাৰে কৰি গৈছে জননীয়ে। জননীৰ এই কামত সাহস পাইছে আন ১০ গৰাকী নাৰীয়েও। জননীৰ এই কামক প্ৰশংসা কৰিছে হায়দৰাবাদৰ প্ৰশাসনেও।

ঘটনাটতো সাধাৰণ যেন লাগিলেও জননীৰ এই কামে আমাৰ সমাজখনক বহু বাৰ্তা দি গল। এফালে নাৰী শক্তি আৰু আনফালে আজিৰ যুৱ প্ৰজন্মৰ চিন্তা। জননীৰ এই চিন্তাই প্ৰতিনিধিত্ব কৰে আজিৰ যুৱ প্ৰজন্মৰ চিন্তাক। সকলো সময়তে যুৱ প্ৰজন্ম অধঃপতনে গল বুলি কটাক্ষ কৰি থকা একাংশক যেন উত্তৰ দি গল জননীৰ এই কামে। বেয়া সকলোতে থাকে, কিন্তু তাৰ মাজতে জননীৰ দৰে অনেকে যেন সদায়ে কৈ যায়- ৰদ আকোৱালি ছাঁ বিলাব জানে নতুন প্ৰজন্মই….



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UlzVfIr
via IFTTT

Comments