কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত তিনিখন গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে আয়োজিত এখনি গ্ৰন্থ উন্মোচনী সভাত তিনি গৰাকী বিশিষ্ট লেখক লেখিকাৰ তিনি খন গ্ৰন্থ উন্মোচন কৰা হয়। নাট্যকাৰ বিৰাজ ভূষন বৰাৰ নাট্য সম্ভাৰ, ৰূপাঞ্জলী বৰুৱা বৰদলৈৰ জীৱনৰ ৰং আৰু সংগীতা পূজাৰীৰ প্ৰবন্ধ বিথিকা শীৰ্ষক গ্ৰন্থ কেইখন উন্মোচন কৰে ক্ৰমে নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা আৰু শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাই। সম্পাদক বিৰাজ ভূষন বৰাই আঁত ধৰা সভা খনিত বিশিষ্ট অতিথি হিচাপে ভাষন দিয়ে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে।

গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষনত সাহিত্যিক গুণীন হাজৰিকাই কয় গ্ৰন্থ অধ্যয়নে মানুহক প্ৰেৰণা দিয়ে। নতুন চাম লেখক আগবাঢ়ি অহাতো আজিৰ সময়ত শুভ লক্ষণ বুলিও তেওঁ মন্তব্য কৰে। সভাত ইতিহাস গৱেষক নবীন বৰঠাকুৰ, টংকেশ্বৰ শইকীয়া, প্ৰশান্ত কুমাৰ শইকীয়া, পুস্পেন্দ্ৰ শইকীয়াকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে মহিলা সকলে পৰিবেশন কৰা সমবেত সংগীতে শ্ৰোতাক মুগ্ধ কৰে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/EezCKat
via IFTTT

Comments