ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত হ’ল পঞ্চমখন বিমান…

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বিদেশ মন্ত্ৰণালয়ে। সোমবাৰে পুৱাই ইউক্ৰেইনত অবদ্ধ হৈ থকা ২৪৯ গৰাকী শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত হৈছে। এই শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ পৰা ৰোমানিয়াৰ বুখাৰেষ্ট হৈ ভাৰতলৈ অনা হৈছে। এয়াৰ ইণ্ডিয়াৰ এ আই ১৯৪২ বিমানখন সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/oFs0ORb
via IFTTT
Comments
Post a Comment