মাৰ্ঘেৰিটাত পৌৰনিৰ্বাচনৰ তৎপৰতাঃ মাৰ্ঘেৰিটা নগৰ সমিতিৰ ১০ টা ৱাৰ্ডত হ’ব নিৰ্বাচন…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ পৌৰনিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা । মাৰ্ঘেৰিটা নগৰ সমিতিৰ ১০ টা ৱাৰ্ডত হ’ব নিৰ্বাচন । ভাৰতীয় জনতা পাৰ্টিয়ে এটা ৱাৰ্ড মিত্ৰদল অগপক এৰি দিয়াৰ বিপৰীতে ৯ টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থীত্ব ।মাৰ্ঘেৰিটা নগৰ সমিতিৰ ১ নং ৱাৰ্ডৰ পৰা গেৰুৱা দলৰ হৈ প্ৰতিদ্বন্ধিতা কৰিব প্ৰাক্তন আছুনেতা তথা যুৱ ব্যৱসায়ী সত্য ৰঞ্জন বৰকাকতীয়ে ।

আগন্তুক পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ অন্য জিলাৰ লগতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়তো প্ৰাৰ্থী সকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। লক্ষ্যণীয় ভাবে ১০ টাকৈ ৱাৰ্ডত বিজেপি আৰু অগপ ই মিত্ৰতাৰে প্ৰতিদণ্ডিতা আগবঢ়াইছে যদিও অতি হাস্যকৰ ভাবে নটা ৱাৰ্ডত বিজেপি আৰু মাত্ৰ এটা ৱাৰ্ডত হে অগপ ই প্ৰতিদণ্ডিতা কৰিবলৈ সুবিধা লাভ কৰে।

প্ৰাৰম্ভিক পৰ্যায়ত নগৰ খনৰ এক আৰু দুই নং ৱাৰ্ডত অগপই প্ৰতিদণ্ডিতা কৰিবলৈ আগবাঢ়ি অঞ্চলবাসীৰ মাজত জনপ্ৰিয়তা থকা দুগৰাকী সমাজকৰ্মী ব্যক্তিক অগপ ত যোগদান কৰোৱাইছিল।পৰৱৰ্তী পৰ্যায়ত এক গোপন বুজাবুজিৰে উক্ত দুয়োটা ৱাৰ্ড বিজেপিৰ হাতত তুলি দিয়া কাৰ্যক লৈ অঞ্চল বিশেষে দলটো সমালোচনাৰো সন্মূখীন হৈছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয়দল কংগ্ৰেছে তেওলোকৰ মিত্ৰদল অসম জাতীয় পৰিষদক প্ৰতিদণ্ডিতাৰ বাৰে এৰি দিছে। 

পূৰ্বতে আঠটাকৈ ৱাৰ্ড থকা মাৰ্ঘেৰিটা পৌৰসভাত এইবাৰ দুটা ৱাৰ্ড নতুনকৈ সংযোজন ঘটাই মুঠ ১০ ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হব। সেই অনুসৰি বিজেপিয়ে অগপক এটা আৰু কংগ্ৰেছ দলে জাতীয় পৰিষদক চাৰিটাকৈ ৱাৰ্ড এৰি দিয়াৰ লগতে ১০ নম্বৰ ৱাৰ্ডত বন্ধুত্ব সুলভ প্ৰতিদণ্ডিতাৰে নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এক, দুই, চাৰি,পাঁ‌চ, ছয়, সাত, আঠ, ন আৰু দহ নম্বৰ ৱাৰ্ডত ক্ৰমে সত্যৰঞ্জন বৰকাকতি, ৰাজলক্ষ্মী দেৱী গগৈ, প্ৰণামী সোনোৱাল, ভীম কৰ্মকাৰ, আনন্দ শৰ্মা, পিংকি দে, মণি দত্ত, আশীষ পাল, সমিতা দেক বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে মিত্ৰ দল অগপৰ বাবে তিনি নম্বৰ ৱাৰ্ডত প্ৰাৰ্তিত্ব আগবঢ়াইছে অনিল গগৈয়ে।আনহাতে কংগ্ৰেছ দলে এক, তিনি, চাৰি, পাঁ‌চ, ছয় নম্বৰ ৱাৰ্ডত ক্ৰমে বিচিত্ৰ বৰুৱা, কুইন চেতিয়া, জয়ন্তী শৰ্মা, আলফাজ আহমেদ, শ্যাম সুন্দৰ প্ৰসাদক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে মিত্ৰদল অসম জাতীয় পৰিষদে দুই, সাত, আঠ, ন নম্বৰত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে কংগ্ৰেছ আৰু জাতীয় পৰিষদে দলে দহ নম্বৰ ৱাৰ্ডত বন্ধুত্ব সুলভ প্ৰতিদণ্ডিতাৰে কংগ্ৰেছৰ জি সৰোজিনী আৰু জাতীয় পৰিষদৰ হৈ ববিতা থাপাই প্ৰতিদণ্ডিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ছয় নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী সন্তোষ ছেত্ৰী প্ৰৱল দাবীদাৰ হোৱাৰ পিছতো দলীয় টিকট নাপাই উক্ত ৱাৰ্ডত নিৰ্দলীয় ৰূপে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে বিজেপি দলৰ ভিতৰচৰাত মাৰ্ঘেৰিটা পৌৰসভাৰ সভাপতি পদক কেন্দ্ৰ কৰি এক বিদ্ৰোহৰ সূচনা হোৱাৰ পৰিপ্ৰেক্ষিতত চিপৰাং মৰা ৰাজনীতি দলটোত দেখিবলৈ পোৱা গৈছে। অন্যহাতে নগৰ খনৰ এটা গুৰুত্বপূৰ্ণ ৱাৰ্ড হৈছে দুই নম্বৰ ৱাৰ্ড।উক্ত ৱাৰ্ডতে জাতীয় পৰিষদ আৰু কংগ্ৰেছ দলৰ বুজাবুজিৰ পৰিপ্ৰেক্ষিতত প্ৰতিদণ্ডিতা আগবঢ়োৱা বিনু কাকতি শৰ্মা উক্ত ৱাৰ্ডৰ বিজেপিৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xARTElh
via IFTTT

Comments