ক্ৰীড়়া ক্ষেত্ৰৰ যুদ্ধত পৰাজিত হ’ল সৰ্বশক্তিমান ভ্লাদিমিৰ পুটিন…

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতেই ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে কঠোৰস্থিতি গ্ৰহণ কৰিছে। পূৰ্বৰে পৰা ৰাছিয়াক সকিয়াই থকা আমেৰিকা, বৃটেইন আদি দেশে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে ভয়ংকৰ পৰিণাম ভূগিব লাগিব বুলি কৈ আহিছিল যদিও ইউক্ৰেইন আক্ৰমণ কৰি প্ৰায় দখল কৰাৰ পিছতো অৱশ্যে আমেৰিকা, বৃটেইন আদিয়ে ৰাছিয়াৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিব পৰা নাই।
তাৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাত হে এই দেশসমূহে গুৰুত্ব প্ৰদান কৰিছে। ৰাছিয়াৰ কেইবাটাও বেংক বৃটেইন, আমেৰিকা আদিত নিষিদ্ধ কৰাৰ লগতে অৰ্থনৈকিত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ প্ৰভাৱ দেখা দিছে খেলপথাৰৰ মাজতো।
যুদ্ধৰ পৰিস্থিতিৰ মাজতে ইংলেণ্ডে ৰাছিয়াৰ বিৰুদ্ধে খেল পথাৰত নমাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃটেইমৰ ফুটবল দলটোৱে ৰাছিয়াৰ বিৰুদ্ধে ফুটবল নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় জুডোৰ ফেডাৰেচনৰ সভাপতিৰ দায়িত্ব পালন কৰি অহা ভ্লাদিমিৰ পুটিনক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে।
উল্লেখ্য যে পুটিন নিজেই এগৰাকী জুডো খেলুৱৈ। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হ’বলৈও সক্ষম হৈছিল। আনহাতে প্ৰিমিয়াৰ লীগৰ আগশাৰীৰ ক্লাৱ চেলছিৰ মালিকিস্বত্ব ত্যাগ কৰিছে আব্ৰাম’ভিচে। ৰাছিয়াৰ ধনকুবেৰ আব্ৰাম’ভিচ পুটিনৰ এগৰাকী অতি ঘনিষ্ঠ বন্ধু। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ক্ৰীড়া ক্ষেত্ৰত ৰাছিয়াৰ ৰাষ্ট্ৰীয় সংগীত আৰু পতাকা নিষিদ্ধ কৰিছিল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0UfJlpZ
via IFTTT
Mohegan Sun Pocono - Mapyro
ReplyDeleteMohegan Sun Pocono 양산 출장안마 in Wilkes-Barre, PA - Find 하남 출장안마 map of casinos and other gaming facilities located 논산 출장마사지 near Mohegan Sun 김천 출장샵 Pocono in Wilkes-Barre, PA. 보령 출장마사지