পুৱাৰ খবৰ…

১) বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ১৩ জন। মুঠ ১,৯৩৯ গৰাকী লোকৰ কৰোৱা হৈছিল কভিড পৰীক্ষা। ইয়াৰ পাছতেই পজিটিভিটিৰ হাৰ ০.৬৭ শতাংশ।

২) বিগত ২৪ ঘন্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ২ জনকৈ লোক। তদুপৰি সৰ্বাধিক কামৰূপ(মেট্ৰ)ত ৬ জনকৈ লোক আক্ৰান্ত হয় কোৰোনাত।

৩) অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিবলৈ আহিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পূৰ্বে ১৯৮১ চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত নিশা যাপন কৰি ভাৰতৰ ষষ্ঠজন ৰাষ্ট্ৰীপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল।

৪)২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব শংকৰদেৱ সংঘৰ অধিৱেশন। অধিৱেশনৰ প্ৰস্তুতিৰ বাবে উঠি পৰি লাগিছে সকলো।অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হব বাণিজ্য মেলা।

৫) আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপতত যুদ্ধক লৈ চৰ্চা চলি থকাৰ মাজতেই ভাৰতীয় দূতবাসে দেশৰ নাগৰিক সকলৰ বাবে এক বিশেষ পৰামৰ্শ দিছে।সাময়িকভাৱে ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিক সকলক উভতি আহিবলৈ আহ্বান জনাইছে কেন্দ্ৰই। এই সন্দৰ্ভত ৰবিবাৰে ইউক্ৰেইনৰ ভাৰতীয় দূতবাসে এক টুইট কৰে।

৬)ৰবিবাৰে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত ঘোষণা কৰে যে এতিয়াৰে পৰা গ্ৰুপ-এ আৰু গ্ৰুপ-বিৰ পদৰ পৰীক্ষা এপিএছচিয়ে অনুষ্ঠিত কৰিব।অৰ্থাত গ্ৰুপ-এ আৰু গ্ৰুপ-বি পদৰ বাবে বেলেগকৈ পৰীক্ষা দিব নালাগে।

৭)অসমৱাসীক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰে।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কেইটামান ড্ৰাগছৰ গোচৰ এনচিবিক হস্তান্তৰ কৰা হৈছে, যাতে সকলো দিশত তদন্ত কৰিব পাৰে।

৮)বুঢ়ীদিহিং আৰু বেকী নদীৰ বান নিয়ন্ত্রণৰ বাবে ৮০০ কোটিৰ প্রকল্পৰ ঘোষণা ৰাজ্য চৰকাৰৰ।বিশ্ব বেংকৰ সহায়ত নিৰ্মাণ হ’ব এই প্রকল্প।

৯)বটদ্ৰৱাৰ ধনীয়াভেটি গাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া ছহিদ বুঢ়া ওৰফে ছহিদ আলীক গ্ৰেপ্তাৰ। গোপন সূত্ৰৰ পমখেদি নগাওঁ আৰক্ষীৰ এটি দলে ৰবিবাৰে নিশা আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া ছহিদ বুঢ়াক।

১০)ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ।ইয়াৰ মাজতে ২৩ ফেব্ৰুৱাৰীত ২ দিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়ালৈ যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/iwNArFB
via IFTTT

Comments