বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড° ছাহ মহম্মদ তনভীৰ মনচুৰক সাক্ষাৎ এ পি এল কতৃপক্ষৰ…

প্ৰতিদিন সংবাদ, নামৰূপ – দেশৰ উদ্যোগ খণ্ডত এক লাভ জনক উদ্যোগ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা নামৰূপস্থিত অসম পেট্ৰ ৰাসায়নিক প্রকল্পই ৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় পয্যায়ত ব্যৱসায় আগবঢ়াই নিবলৈ সাজু হৈছে। এই উপলক্ষে শনিবাৰে শিলপুখুৰীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড° ছাহ মহম্মদ তনভীৰ মনচুৰক অসম পেট্ৰকেমিকেলচৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এক সজাঁতী দলে সাক্ষৎ কৰে ।
উল্লেখ যোগ্য যে অহা এপ্ৰিল মাহত এ পি এলৰ নতুন কৈ নিৰ্মাণ কৰি উলিওৱা পাছ শ টন (প্ৰতিদিন) মিঠানল প্রকল্পটো উৎপাদন ক্ষম হৈ উঠিব। ইয়াৰ লগে লগে এ পি এল হৈ পৰিব দেশৰ ভিতৰতে এটা অন্যতম মিঠানল উৎপাদনক্ষম উদ্যোগ। ইয়াৰ লগে লগে এ পি এল ক প্ৰয়োজন হব এখন বৃহৎ বজাৰৰ ।
তাৰ পৰিপেক্ষিততে আজি এ পি এল কতৃপক্ষই বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড° ছাহ মহম্মদ তনভীৰ মনচুক সাক্ষাৎ কৰে। উক্ত সজাঁতী দলটোত অসম পেট্ৰকেমিকেলচৰ পৰিচালন সঞ্চালক ৰাজনীশ গগৈ ডাঙৰীয়া উপাধ্যক্ষ হেমন্ত গগৈ কোম্পানীৰ সচিৱ উত্তম বাইলুং উপ মহাপ্ৰৱন্ধক শ্ৰীমান্ত চেতিয়া উপস্থিত থাকে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cAdmvCE
via IFTTT
Comments
Post a Comment