লক্ষ্য স্থিৰ…

ডিম্পুল বৰগোহাঁই

প্ৰতিদিনাই সমাজত সংঘটিত হোৱা হত্যা, হিংসাৰ ঘটনাই সংবাদ মাধ্যম অথবা বিভিন্ন প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে। কিন্তু সকলোবোৰ খবৰৰ মাজতে কিছুমান যোগাত্মক খবৰে মানুহৰ মন মগজুত খুন্দিয়াই যায়। হাজাৰটা বেয়া খবৰৰ বিপৰীতে কিছু যোগাত্মক তথা ইতিবাচক খবৰে মানুহক ভাৱিবলৈ বাধ্য কৰাই যে, পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিশেষকৈ ছ’চিয়েল মিডিয়াত দুটা খবৰে বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰে এটা খবৰ কৰ্ণাটকৰ। হত্যাৰ অপৰাধত অভিযুক্ত এগৰাকী ব্যক্তি চৰ্চালৈ অহাৰ কাৰণটো জানিলে আপুনিও আচৰিত হ’ব। কৰ্ণাটকৰ সুভাষ পাটিল নামৰ এই লোকজনক ২০০২ চনতে হত্যাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল বাংগালুৰু আৰক্ষীয়ে।

বৰ্তমান ৪০ বছৰীয়া এই ব্যক্তিগৰাকী সেই সময়ত আছিল চফল ডেকা। কৰ্ণাটকৰ গোলবাৰ্গাৰ মহাদেৱ ৰামপুৰ মেডিকেল কলেজৰ ছাত্ৰ আছিল সুভাষ পাটিল। এমবিবিএছ পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল তেওঁ। সেই সময়তে চিকিৎসা বিজ্ঞানৰ এই ছাত্ৰগৰাকীক এগৰাকী আবকাৰী বিষয়াৰ হত্যাকাণ্ডত আটক কৰিছিল বাংগালুৰু আৰক্ষীয়ে। হত্যাকাণ্ডৰ তদন্তৰ শেষত পোহৰলৈ আহিল যে, আবকাৰী বিষয়াগৰাকীৰ পত্নীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই পত্নী আৰু সুভাষে মিলি হত্যা কৰিছিল বিষয়াগৰাকীক।

পঢ়াৰ ক্ষেত্ৰত মেধাৱী সুভাষৰ এই কৰ্মকাণ্ডৰ পিছতে পৰিয়াল তথা বন্ধু বৰ্গইয়ো তেওঁক সহযোগিতা আগবঢ়োৱা নাছিল। ২০০৬ চনৰ ১৫ ফেব্ৰুৱাৰীত হত্যা কৰা আবকাৰী বিষয়াগৰাকীৰ পত্নীৰ সৈতে সুভাষকো যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। শাস্তিৰ ম্যাদ হ্ৰাস কৰিবৰ বাবে তেওঁলোকে উচ্চতম ন্যায়ালয়তো আবেদন জনাইছিল যদিও ন্যায়ালয়ে খাৰিজ কৰিছিল তেওঁলোকৰ আবেদন। আৰু এনেকৈয়ে এসময়ত চিকিৎসক হোৱাৰ স্বপ্ন ভংগ হৈছিল সুভাষৰ।

একাডেমীক শিক্ষাৰ নিঃশেষ হোৱা বুলি উমান পাইয়ো সুভাষে নিজে কৰা ভুলৰ বাবে যথেষ্ট অনুতপ্ত হৈছিল। মানুহৰ প্ৰাণ বচাবলৈ তেওঁ যি বৃত্তি বাচি লৈছিল তাৰ বিপৰীতে কৰা তেওঁৰ কামৰ বাবে তেওঁ যথেষ্ট মনোকষ্ট পাইছিল। নিজকে সংশোধন কৰাৰ পণ ল’লে সুভাষে। কাৰাগাৰত থাকি ২০০৭ চনত সাংবাদিকতাৰ ডিপ্লমাৰ লগতে ২০১০ত কৰ্ণাটক মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ ডিগ্ৰীও লাভ কৰিলে।

ইমানতে ক্ষান্ত নাথাকিল সুভাষ। যি দুখন হাতেৰে এজন লোকৰ প্ৰাণ লৈছিল, সেই দুখন হাতেৰে অসংখ্যজনক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি ল’লে সুভাষে। কাৰাগাৰত চিকিৎসাৰ বাবে নিয়োজিত চিকিৎসকক চিকিৎসাৰ কামত সহায় কৰাৰ কাম আৰম্ভ কৰিলে সুভাষে। ২০০৮ চনত যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীক কৰা চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে তেওঁক বিশেষভাৱে সন্মানিত কৰিলে।

সুভাষৰ আত্ম সংশোধন আৰু সমাজৰ প্ৰতি দায়বদ্ধতা দেখি কাৰাগাৰৰ কৰ্তৃপক্ষ আৰু আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ ম্যাদ কিছু হ্ৰাস কৰিলে। আদালত তথা কাৰাগাৰৰ বিভিন্ন প্ৰক্ৰিয়া সমাপন কৰি ২০১৬ চনত মুকলি আকাশৰ তললৈ আহিল সুভাষ পাটিল। চিকিৎসক হ’বলৈ মনত থকা প্ৰৱল ইচ্ছা শক্তিৰ বাবে কাৰামুক্ত হৈ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৱ হেলথ চায়েন্সত পুনৰ এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবৰ বাবে অনুমতি বিচাৰিলে।

আদালতৰ ৰায় গ্ৰহণ কৰাৰ পিছত এমবিবিএছ পাঠ্যক্ৰমৰ বাবে সুভাষক ৰাজীৱ গান্দী বিশ্ববিদ্যালয়ে এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ অনুমতি দিলে। ২০১৯ বৰ্ষত এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে ১৪ বছৰ কাৰাবন্দী সুভাষ পাটিলে। বৰ্তমান সুভাষ কৰ্ণাটকৰ কালবুৰ্গীৰ এখন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত। নিজৰ অতীতৰ ভুল শুধৰণিৰ বাবে প্ৰতিদিনে নিজৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰে সুভাষে।

শেহতীয়াকৈ সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত সুভাষে ক’লে , ‘অতীতৰ সেই ভুলৰ বাবে মই আজি অনুতপ্ত। কিন্তু মই প্ৰতিশ্ৰুতি দিছো। যি দুখন হাতেৰে এজন মানুহৰ প্ৰাণ লৈছিলো, সেই দুখন হাতেৰে মই হাজাৰ জনক জীৱন দান দিম। চিকিৎসালয়ত ৰোগীক চিকিৎসা কৰাৰ উপৰিও সুভাষ পাটিলে কৰ্ণাটকৰ গ্ৰামাঞ্চলটো বিনামূলীয়াকৈ ব্যক্তিগতভাৱে বহু স্বাস্থ্য শিৱিৰ আয়োজন কৰে।

সঁচাকৈয়ে, দৈনন্দিন কিছু বিয়োগাত্মক খবৰৰ মাজতে এনে কিছু খবৰে সকলোৰে হৃদয়ত টুকুৰিয়াই যায়। যান্ত্ৰিকতাৰ যুগত মানুহে মানুহৰ কথা নাভাৱে বুলি সদায়ে চৰ্চা হয় যদিও তাৰ মাজতে চৰ্চা হোৱা এনে খবৰে মানুহক বুজাই যায়- মানুহ এতিয়াও আছে, যিয়ে মানুহৰ কথা চিন্তা কৰিব পাৰে। সেই বাবেইটো চাব জানিলে আজিও পৃথিৱীখন বহু ধুনীয়া…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ErpXD04
via IFTTT

Comments