ধাৰাবাহিক শুনানিৰ পিছতো সমাধান নাইঃ আজি পুনৰ শুনানি হিজাব গোচৰৰ…

ডিজিটেল ডেস্কঃ এতিয়াও সমাধান হোৱা নাই হিজাব বিবাদ। কৰ্ণাটক উচ্চ ন্যায়ালয়ত একেৰাহে ৯ টাকৈ শুনানি গ্ৰহণ কৰাৰ পিছতো এই সমস্যাৰ সমাধানৰ বাট মুকলি হোৱা নাই। সেয়েহে এই গোচৰটোৰ পৰৱৰ্তী শুনানি পুনৰ বৃহস্পতিবাৰে দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে ৯ বাৰকৈ শুনানি গ্ৰহণ কৰাৰ পিছতো গোচৰৰ সমাধান কৰিবলৈ সক্ষম হোৱা নাই যদিও কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ বিচাৰপীঠে চলিত সপ্তাহতে এই গোচৰৰ সমাধান সূত্ৰ উলিয়াব বুলি প্ৰকাশ কৰিছে।

বুধবাৰৰ শুনানিত ন্যয়াধীশ অৱস্থীয়ে কয় যে, যদি ইউনিফৰ্ম বাধ্যতামূলক কৰা হয় তেনেহ’লে ইয়াক সকলোৱে অনুসৰণ কৰিব লাগিব। সেইয়া ডিগ্ৰী মহাবিদ্যালয়েই হওঁক বা উচ্চতৰ বিদ্যালয়েই হওঁক।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/cvPhNwf
via IFTTT

Comments