ডুবাইৰ আন্তৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিছে নগাঁৱৰ সাগৰিকা…

ডিজিটেল সংবাদ, বেবেজীয়াঃ নাৰী সবলীকৰণ আৰু স্বাৱলম্বিতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি বিশ্বৰ সৌন্দৰ্যৰ মঞ্চত জিলিকিল অসমৰ জীয়ৰী সাগৰিকা কাকতি বৰুৱা। বিশ্বৰ ভিতৰতে অত্যাধুনিক আৰু ৰাজকীয় ৰাষ্ট্ৰ ইউনাইটেড আৰব এমিৰেটচ্(UAE) ডুবাইত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা মিছেছ্ ইউনিভাৰ্চ ইউ এ ই ২০২১ৰ শীৰ্ষ ৰানাৰ-আপ্ বিশ্ব-সুন্দৰী খিতাপ অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰিলে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা নগাঁৱৰ বোৱাৰী সাগৰিকাই।

নিজৰ প্ৰতিভা তথা সৌন্দৰ্য্যৰ মাজেৰে সাগৰিকাই অসমৰ কৃষ্টি-সংস্কৃতিক বিশ্বৰ মজিয়ালৈ লৈ যাবলৈ প্ৰয়াস কৰি আহিছে। ইতিমধ্যে ২০২১ চনটো বিশ্ব সৌন্দৰ্য্যৰ আন এক প্ৰতিযোগিতাটো আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাই শীৰ্ষক মুকুট শিঁৰত পৰিধান কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল সাগৰিকাই। এইবেলিও মিছেছ্ ইউনিভাৰ্চ ইউ এ ই বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাৰ মঞ্চত অসমীয়া জাতীয় সাজ-পাৰ মেখেলা-চাদৰ পৰিধান কৰি হাতত শৰাই লৈ অসমীয়া বোৱাৰীৰ পূৰ্ণাংগ ৰূপেৰে ৰেম্পত খোজ দি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমবেত হাজাৰ হাজাৰ দৰ্শকক পলকতে মোহাচ্ছন্ন কৰি তুলিছিল অসম কন্যা সাগৰিকা কাকতিয়ে।

অসমৰ চহকী হাতে-বোৱা চাদৰ-মেখেলা আৰু সাগৰিকাৰ ৰূপ-লাবন্যত বহু সময় ধৰি বাজি উঠিছিল দৰ্শকৰ বিপূল হাতচাপৰি আৰু অৱশেষত জাৰ্মান, ছাইবেৰীয়া, ইৰাণ, পাকিস্তান, ব্ৰাজিল, ইউ-কে আৰু ৰাছিয়া আদিকে ধৰি বিশ্বৰ মুঠ ২৫ খন দেশৰ পৰা নিৰ্বাচিত হোৱা ২৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অসমৰ মেখেলা-চাদৰ পৰিহিতা সাগৰকাই আজুৰি আনিলে প্ৰথম ৰানাৰ-আপৰ শ্ৰেষ্ঠত্বৰ গৌৰৱ।

প্ৰায় ১৪ বছৰ ধৰি ডুবাইত বসবাস কৰি অহা, এগৰাকী তিনি বছৰীয়া কন্যা সন্তানৰ মাতৃ সাগৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “বিদেশত থাকি অসমৰ কৃষ্টি-সংস্কৃতি তথা জাতীয় ভাৱধাৰাক বিশ্বৰ আন ৰাষ্ট্ৰসমূহৰ সৈতে বিনিময় কৰিবলৈ পাই নিজকে সৌভাগ্যবান যেন অনুভৱ হৈছে। বিশ্বৰ মঞ্চত অসমীয়া সাজ পিন্ধি ৰেম্প্-ৱাক কৰাতো মোৰ এটা সপোন আছিল। বাস্তৱত যেতিয়া বিশ্বৰ মঞ্চত ৰেম্পত খোজ দিছিলোঁ, তেতিয়া মোৰ কাণত পৰা দৰ্শকৰ হাত চাপৰিৰ শব্দ আৰু উদ্গনিমূলক চিঞৰে মোক আৱেগিক কৰি তুলিছিল।

আৰু ভবাই তুলিছিল মই লগত কঢ়িয়াই লৈ ফুৰা অসমৰ এই সাজযোৰ বিশ্বৰ মঞ্চত কিমান চহকী। সচাকৈয়ে বিশ্বমুখী যাত্ৰাত অসমীয়া হিচাপে মোৰ পৰিচয়টোৱেই জীৱনৰ মাইলৰ খুটি হৈ ৰ’ব। অনাগত দিনতো এনেদৰে আগুৱাই যাবলৈ অসমবাসী তথা ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ।” উল্লেখযোগ্য যে, মিছেছ ইউনিভাৰ্চ ইউ এ ইৰ খিতাপ অৰ্জন কৰিলে জাৰ্মানীৰ বিশ্ব সুন্দৰী মিছেছ্ মেৰিনা ভন লিজা লগতে কেইবাটিও শিতানত বিভিন্ন দেশৰ প্ৰতিযোগীয়ে স্থান দখল কৰিবলৈ সক্ষম হয়।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2LtC0Pv
via IFTTT

Comments