শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ:- ৰঙিয়াৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাৰ ফলত কোকৰাঝাৰৰ চিম্বৰগাঁওৰ বাতাবাৰী নিৱাসী তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰী(৪৯)য়ে কৰুণ মৃত্যুক সাৱটি লয় ।
শনিবাৰে বিয়লি AS-16 – F – 5843 নম্বৰৰ হুণ্ডা ভেন্যু বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁও অভিমুখী আহি থাকোতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। এখন বিপৰীত দিশৰ পৰা অহা ট্ৰেইলাৰ বিজিতগ্ৰা নাৰ্জাৰীৰ বাহনখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ঘটনা সংঘটিত কৰিয়ে ট্ৰেইলাৰখন পলায়ন কৰে ।
উক্ত দুৰ্ঘটনাত বিজিতগ্ৰা নাৰ্জাৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁৰ পত্নী ইষ্টাৰ নাৰ্জাৰী আৰু চালকৰ আসনত থকা সম্পৰ্কীয় ভাতৃ হৰিশ বসুমতাৰীও আহত হয় । আহতসকলক প্ৰথমে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও বিজিতগ্ৰা নাৰ্জাৰীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তেওঁ কৰুণ মৃত্যুক সাৱটি লয়।
নিষ্ঠাৱান প্ৰাক্তন এবছু কৰ্মী তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীৰ মৃত্যুৰ বাতৰি সদৰি হোৱাৰ পিছতে চিম্বৰগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।
ইপিনে চিম্বৰগাঁও আঞ্চলিক এবছু কমিটিৰ বিভিন্ন পদত অতি নিষ্ঠাসহকাৰে কাম কৰা , কোকৰাঝাৰ জিলা এবছুৰ একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে উপ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰা তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। ইহজগতত বিজিতগ্ৰা নাৰ্জাৰীয়ে পত্নী , পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায় ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gy8l03s
via IFTTT
Comments
Post a Comment